সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ইনাৰলাইন পাৰ্মিট লাগিবই

ইনাৰলাইন পাৰ্মিট লাগিবই

ইনাৰ লাইন পাৰ্মিটক লৈ মেঘালয়ত আকৌ ৰাজনৈতিক পৰিবেশ উত্তপ্ত

শ্বিলং,২৯ নবেম্বৰ — নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মেঘালয়ত বিগত মাহ কেইটাত যথেষ্ট উত্তপ্ত প্ৰতিবাদ সাব্যস্ত হৈছিল। এই প্ৰতিবাদমুখৰ পৰিবেশ যোৱা কিছু মাহত শান্ত হৈছিল যদিও পুনৰ ১৭ টা সংগঠনে ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তনৰ দাবী উত্থাপন কৰিছে ।

‘কনফেডাৰেশ্যন অব মেঘালয়া ছ’চিয়েল অৰ্গেনাইজশ্যন’ (COMSO) এই ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছে। ক’ভিড১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰু মেঘালয় চৰকাৰৰ অনুৰোধত এই আন্দোলন সাময়িকভাৱে স্থগিত কৰা হৈছিল।

COMSO  ৰ সচিব ৰয় কুমাৰ চি য়ে মে জানিবলৈ দিয়ে যে ৪ ডিচেম্বৰত  তেওঁলোকে ১১খন জিলা আৰু মহকুমাৰ সদৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। নেতাজনে সংবাদ প্ৰতিষ্ঠান  IANSক টেলিফোন যোগে জানিবলৈ দিয়ে যে তেওঁলোকে মেঘালয়ৰ ৬০ জন বিধায়ক তথা ৩ জন সাংসদক তেওঁলোকৰ সৈতে দিল্লীত এই বিষয়টোৰ প্ৰতিবাদত ধৰ্ণা  দিবলৈ অনুৰোধ জনাইছে। তাৰোপৰি তেওঁ ব্যক্ত কৰে যে মেঘালয় বিধান সভাই যোৱা বছৰৰ ১৯ ডিচেম্বৰত ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তন কৰিব লাগে বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।এই বিষয়ত কেন্দ্ৰীয় গৃহ বিভাগে এতিয়াও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ৷

এতিয়া COMSO নেতা সকলে সাৱধান বাণী শুনাইছে যে মেঘালয়ৰ ডেম’ক্ৰেটিক এলায়েন্সৰ নেতৃত্বাধীন চৰকাৰে যদি আগন্তুক মাহ কেইটাত আই এল পি ব্যৱস্থা প্ৰবৰ্তন নকৰে ,তেনেহলে বৃহৎ গণ আন্দোলন গঢ়ি তোলা হব। উল্লেখযোগ্য যে এই সন্মিলিত চৰকাৰত ভাৰতীয় জনতা পাৰ্টিৰো দুজন বিধায়ক আছে আৰু তেওঁলোকৰ এজন বিধায়ক আলেকজেণ্ডাৰ ললো হেকে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী। আই এল পি ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল,নাগালেণ্ড আৰু মিজোৰামত প্ৰচলিত হৈ আহিছে।যোৱাবছৰৰ ১১ ডিচেম্বৰত মণিপুৰতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। আই এল পি ব্যবস্থাৰ যোগেদি এই নিয়ম প্ৰচলিত হৈ থকা ৰাজ্যসমূহত ভাৰতবৰ্ষৰ অন্য অংশৰ কোনো পৰ্যটক বা নাগৰিকে সৰ্বনিম্ন ১৫ দিন আৰু সৰ্বোচ্চ এবছৰহে এই ৰাজ্যত থাকিব পাৰে।

ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰু নগালেণ্ড চৰকাৰে অনলাইন ব্যৱস্থাৰ যোগেদি ৰাজ্যখনত ভ্ৰমণ কৰিব খোজা পৰ্যটকক আই এল পি পাৰ পত্ৰ ইছ্যু কৰি আহিছে। আনহাতেদি নাগৰিকত্ব সংশোধনী বিলৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূবত হোৱা প্রচণ্ড বিক্ষোভৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে ঘোষণা কৰিছিল যে এই নতুন আইন আই এল পি ব্যৱস্থা প্ৰচলিত থকা ৰাজ্য সমূহ তথা জনজাতীয় স্বায়ত্ত শাসিত  জিলা সমূহত প্ৰযোজ্য নহ’ব।

উল্লেখযোগ্য যে উত্তৰ পূবত দহখন জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদ আছে। অসম, মেঘালয় আৰু মিজোৰামত তিনিখনকৈ  তথা ত্ৰিপুৰাত এখন কৈ জনজাতীয় স্বায়ত্ত শাসিত জিলা  পৰিষদ আছে। এইদৰে আগন্তুক দিনসমূহত আই এল পি বিষয়টো লৈ মেঘালয়ৰ ৰাজনীতি পুনৰ উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে। (IANS)