সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ইমৰানে বোলে একো বাধা পোৱা নাই

ইমৰানে বোলে একো বাধা পোৱা নাই

সামৰিক বাহিনীৰ পৰা কোনো চাপ নাই বোলে ইমৰান খানে

ইছলামাবাদ,২৯ নৱেম্বৰ: পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ওপৰত বিগত কিছু মাহ ধৰি দেশখনৰ সামৰিক বিভাগে বিভিন্ন বিষয়ত চাপ সৃষ্টি কৰি অহা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী ইমৰান খানে ‘এক্সপ্ৰেছ নিউজ’ৰ লগত শনিবাৰে হোৱা এটা সাক্ষাৎকাৰত এই কথা সম্পূৰ্ণ অস্বীকাৰ কৰিছে ৷

খানে উল্লেখ কৰে যে দেশৰ পূৰ্বৰ নেতাসকলেহে সামৰিক বাহিনীয়ে দেশখনৰ বৈদেশিক নীতিত সঘনাই হস্তক্ষেপ কৰে বুলি অভিযোগ কৰিছিল ৷

আনহাতে ইমৰান খানে ব্যক্ত কৰে যে তেওঁ সদায় চুবুৰীয়া আফগানিস্থানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ কোনো ভূমিকা নাই বুলি পুৰ্বৰ পৰাই বিশ্বাস কৰি আহিছে ৷ তাৰোপৰি ইমৰান খানে সামৰিক বাহিনীহে তেওঁক শাসনলৈ অনা বুলি উঠা অভিযোগ অস্বীকাৰ কৰে ৷

আনহাতে অৱসৰপ্ৰাপ্ত সেনা বিষয়া যেনে লেঃ জেনেৰেল আছিম চালিম বাজৱাৰ দৰে ব্যক্তিক অসামৰিক উচ্চ পদবীত নিযুক্তি দিয়াৰ প্ৰসংগত ইমৰান খানে কয় যে পুৰ্বৰ অভিজ্ঞতা তথা অতি উৎকৃষ্ট চাকৰি জীৱনৰ অভিজ্ঞতাৰ ফলস্বৰূপেহে এনে অৱসৰপ্ৰাপ্ত সেনা বিষয়াক বিভিন্ন পদবীত নিযুক্তি দিয়া হৈছে ৷  (IANS)