সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / কৰ’নাৰ ত্ৰাস কমা নাই ম্যানমাৰত

কৰ’নাৰ ত্ৰাস কমা নাই ম্যানমাৰত

১৫ ডিচেম্বৰলৈকে সতৰ্ক হৈ থাকিব ম্যানমাৰবাসী

ৰেংগুন, ২৯ নবেম্বৰ — বিশ্বৰ বিভিন্ন দেশৰ লগতে দক্ষিণ এছিয়াৰ এক অন্যতম দেশ ম্যানমাৰতো ক’ভিড১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশখনৰ চৰকাৰে বিগত দিনবোৰত বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। সদ্যহতে দেশখনৰ এক উচ্চ স্তৰীয় সমিতিয়ে আগন্তুক ১৫ ডিচেম্বৰলৈকে ক’ভিড১৯ ৰ সংক্ৰমণৰ  সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সংক্ৰান্তত  জিনহুৱা সংবাদ প্ৰতিষ্ঠানে এই বুলি সংবাদ পৰিবেশন কৰে যে এই ব্যৱস্থা সকলো ধৰণৰ ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ,নীতি আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। উল্লেখযোগ্য যে কালিলৈ পূৰ্বৰ সতৰ্কতা মূলক ব্যৱস্থাৰ অন্ত পৰাৰ দিন আছিল যদিও এই ব্যৱস্থা অহা ১৫ ডিচেম্বৰলৈকে নতুন নিৰ্দেশ দ্বাৰা বৃদ্ধি কৰা হৈছে। দেশখনৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰণালয়ে জাৰি কৰা  এক বিজ্ঞপ্তি মতে যোৱা ২৪ ঘন্টাত দেশখনত ১,৩,৪৪ জন নতুন ব্যক্তি সংক্ৰমিত হৈছে আৰু ২২ জন ৰোগীয়ে মৃত্যুক সাৱটি লোৱাৰ তথ্য পোৱা গৈছে ।

দেশ খনত এতিয়ালৈকে ৮৭, ৯৭৭  জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ১,৮৮৭ লোকে মৃত্যু বৰণ কৰিছে। তাৰোপৰি এতিয়ালৈকে ৬৭,৫৮৮ জন ৰোগীক চিকিৎসা প্ৰদানৰ অন্তত  চিকিৎস্যালয়ৰ পৰা গৃহ অভিমুখে যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ম্যানমাৰত এই বছৰত ৩১ মাৰ্চত প্ৰথমটো ক’ভিড১৯ ৰ সংক্ৰমণ চিনাক্ত কৰা হৈছিল আৰু ইতিমধ্যে দেশখনত ১.১৩ মিলিয়ন লোকৰ  নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে। আনহাতেদি দেশখনৰ পৰিবহন বিভাগে সকলোধৰণৰ নতুন বাহনৰ পঞ্জীয়ন ১ ডিচেম্বৰৰ পৰা দেশখনৰ বিভিন্ন কেন্দ্ৰ যেনে , নায়িং ফু টাউন, য়াংগুন আৰু মন্দালয়ত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে। এই সংক্ৰান্তত বিভাগটোৱে সেই একেখন বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে যে প্ৰত্যেক দিনেই এক নিৰ্দিষ্ট সংখ্যক নতুন বাহন পঞ্জীয়ন ভুক্ত কৰা হ’ব যাতে অনাবশ্যকীয় ভাবে পঞ্জীয়ন কেন্দ্ৰসমূহত মানুহৰ ভিৰ নহয়। উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত দেশখনে সকলো ধৰণৰ পঞ্জীয়ন   স্থগিত কৰিবলৈ বাধ্য হৈছিল, কাৰণ দেশখনত দ্ৰুতগতিত ক’ভিড১৯ ৰ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছিল। (IANS)