বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / খাবলৈ নাপায় মৰাতকৈ আলোচনাত বহাই ভাল

খাবলৈ নাপায় মৰাতকৈ আলোচনাত বহাই ভাল

কৃষক বিক্ষোভৰ বাবে মিলিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতাসকল

নতুন দিল্লী,২৯ নবেম্বৰ: সমগ্ৰ দেশ কঁপাই থকা কৃষক বিক্ষোভে কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক যথেষ্ট শংকিত কৰিছে ৷ উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক সকলে ৰাজধানী দিল্লীৰ প্ৰতিটো সীমান্ত অঞ্চলতেই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত মালবাহী ট্ৰাক সমূহ ৰাজধানীত প্ৰৱেশ কৰিব পৰা নাই ৷

ঘাইকৈ পঞ্জাৱৰ পৰা অহা কৃষকৰ বিক্ষোভৰ বাবে ৰাজধানী চহৰখনত খাদ্যসংকটৰ আশংকাই দেখা দিয়াৰ পৰ্যায় পাইছেগৈ ৷ উপায়হীন হৈ বিজেপি দলৰ জ্যেষ্ঠ নেতাসকল আজি বিজেপিৰ সভাপতি জে পি নাড্ডাৰ বাসগৃহত বিষয়টো সম্পৰ্কত আলোচনা কৰিবলৈ মিলিত হৈছে ৷

গৃহমন্ত্ৰী অমিত শ্বাহ,কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰো এই আলোচনাত উপস্থিত থাকিব ৷ অৱশ্যে ইয়াৰ আগতে গৃহমন্ত্ৰী অমিত শ্বাহে বুৰাৰী খেলপথাৰলৈ কৃষকসকলক উভতি যাবলৈ পৰামৰ্শ দিছিল আৰু কৃষকসকলক জনাইছিল যে তেওঁলোক বুৰাৰীলৈ উভতি গ’লেহে তেওঁলোকে বিষয়টো আলোচনা কৰিব ৷ কিন্তু আকোঁৰগোজ কৃষকসকলে তেনেধৰণৰ কোনো আগতীয়া চৰ্ত মানি ল’ব নোৱাৰে বুলি স্পষ্টকৈ জনাই দিছিল ৷ কৃষকসকলৰ এনে দৃঢ় স্থিতিত চৰকাৰে নিজৰ স্থিতি সলাই আলোচনাত বহিবলৈ বাধ্য হ’ল ৷ এইয়াও এক কৃষকসকলৰ বাবে সফলতা হিচাপেই বিবেচিত হৈছে ৷ (IANS)