মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / জাতপাততেই সীমাবদ্ধ ৰাজনীতি !

জাতপাততেই সীমাবদ্ধ ৰাজনীতি !

কংগ্ৰেছে উত্তৰাখণ্ডৰ ৰাজ্যিক গোটৰ শীৰ্ষত দলিত

নতুন দিল্লী,২৯ নবেম্বৰ– আগন্তুক উত্তৰাখণ্ডৰ নিৰ্বাচনৰ বাবে অন্যান্য ৰাজনৈতিক দলসমূহৰ লগতে কংগ্ৰেছেও নিজৰ সাংগঠনিক কিছু পৰিৱৰ্তন কৰা দেখা গৈছে। কংগ্ৰেছ দলে তেওঁলোকৰ ৰাজ্যখনৰ ৰাজ্যিক গোটৰ সভাপতিৰ পদত এজন দলিতক নিযুক্তি দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে।

ৰাজ্যখনৰ নেতাসকলে দিল্লীৰ শীৰ্ষ নেতৃত্বক অৱগত কৰিছে যে ৰাজ্যখনৰ অতিকমেও ১৮ টা সমস্যা  দলিত ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু অন্যান্য সমষ্টিবোৰত অতি ক্ৰমেও পাঁচ হাজাৰ বা দহ হাজাৰ পয্যন্ত ভোট আছে।

কংগ্ৰেছ দলে এই পদক্ষেপৰ যোগেদি বহুজন সমাজবাদী পাৰ্টিয়ে দলিত সকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত  এই পদক্ষেপ লব লগা হৈছে। তাৰোপৰি দলটোৱে উপলব্ধি কৰিছে যে  যশপাল  আৰ্যৰ পিছত বৰ্তমান দলত কোনো শীৰ্ষ পদত দলিত নেতা নাই ৷

ইতিমধ্যে যশপাল আৰ্যই বিজেপিত যোগদান কৰিছে। দলৰ পূৰ্ব নেতা এন দি তিৱাৰীৰ মৃত্যুৰ পিছত পূৰ্ব মুখ্যমন্ত্ৰী বিজয় বহুগুণাই বিজেপি পাৰ্টিত জইন কৰাৰ পিছত শীৰ্ষত এতিয়া হৰিষ ৰাৱাট অধিষ্ঠিত হৈ আছে। ৰাৱাটক ইতিমধ্যে পাঞ্জাৱৰ মহাসচিবৰ দায়িত্বত নিযুক্ত কৰা হৈছে।

ৰাজ্যখনত যদিও বৰ্তমান ৰাজনৈতিক যুদ্ধ ৰাজপুত বনাম ব্ৰাহ্মণক লৈ ব্যস্ত হৈ আছে,কংগ্ৰেছে দলিত সম্প্ৰদায়ৰ শীৰ্ষ নেতাক  নিযুক্ত কৰি এক নতুন সমীকৰণ আৰম্ভ কৰিব খুজিছে। উল্লেখযোগ্য যে বৰ্তমানৰ  কংগ্ৰেছৰ শীৰ্ষ নেতা হৰিষ ৰাৱাট ৰাজপুত সম্প্ৰদায়ৰ তথা আনহাতে কংগ্ৰেছ বিধায়নী দলৰ নেতা হৃদেশ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ।

অৱশ্যে ৰাজ্যসভাৰ সাংসদ প্ৰদীপ তামতা এগৰাকী দলিত সম্প্ৰদায়ৰ ব্যক্তি। তেওঁকেই এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাবে বাচনি কৰিবলৈ গুণাগঁথা কৰা হৈছে যদিও  এতিয়াও  কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কোনো নাম উল্লেখ কৰা নাই। ৰাজ্যখনত দায়িত্বত থকা শীৰ্ষ কেন্দ্ৰীয় নেতা দেৱেন্দ্ৰ যাদবে এই সংক্ৰান্তত তেওঁৰ  মন্তব্য বিচৰাত কোনো মন্তব্য নিদিলে। উত্তৰাখণ্ডৰ ১৩ টা সমষ্টি দলিত অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ইয়াৰে ১১ টা সমষ্টিত বৰ্তমান বি জেপি দলৰ বিধায়ক আছে আৰু মাত্র দুটাহে কংগ্ৰেছৰ দখলত আছে। আন এক সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত৷ প্ৰীতম সিং সেই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে ৷ (IANS)