সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দুই আইআইটিয়ে দিব ডক্টৰেট

দুই আইআইটিয়ে দিব ডক্টৰেট

পাঠ্যক্ৰম অধিক উন্নত কৰাৰ পৰিকল্পনা

বাৰণসী,২৯ নবেম্বৰ — ভাৰতৰ দুখন শ্ৰেষ্ঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হৈছে আই আই টি (গুৱাহাটী ) আৰু আই আই টি – বানাৰস হিন্দু বিশ্ববিদ্যালয় (IIT-BHU) ৷ এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দুখনে সদ্যহতে এক  চুক্তিৰ মাধ্যমৰে যুটীয়াভাৱে ডক্টৰেট ডিগ্ৰী আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে দেশত এইয়াই প্ৰথম উদাহৰণ হ’ব যাৰ দ্বাৰা দুখন আই আই টি য়ে যুটীয়াভাৱে কোনো ডিগ্ৰী প্ৰদান কৰিব। এই সংক্ৰান্ততত আই আই টি (বি এইস ইউ) প্ৰবক্তাই কয় যে ২০১৯ চনৰ ২৭ ছেপ্টেম্বৰত আই আই টি কাউঞ্চিলৰ ৫৩ সংখ্যক বৈঠকত যুটীয়া পি এইচ ডি ডিগ্ৰী প্ৰদানৰ প্ৰথম প্ৰস্তাৱ উত্থাপন হৈছিল।

এই প্ৰস্তাৱৰ যোগেদি সমগ্ৰ দেশতে আই আই টি সমূহৰ মাজত যুটীয়া প্ৰচেষ্টাৰে আৰু সমন্বয় সাধনেৰে দেশৰ সৰ্বাংগীন বিকাশৰ বাবে  উৎকৃষ্ট মানৱ সম্পদ কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰ বাবে পৰিকল্পনা কৰা হৈছিল।

আই আই টি কাউঞ্চিলে এই যুটীয়া ডিগ্ৰী প্ৰদান কাৰ্যক নীতিগত ভাবে গ্ৰহণ কৰাৰ পিছত ২০২০-২১  শিক্ষা বৰ্ষত এই যুটীয়া কাৰ্যসূচী আৰম্ভ হ’ব। উচ্চ শিক্ষাৰ এই দুই প্ৰখ্যাত প্ৰতিষ্ঠানে যুটীয়া ডিগ্ৰীৰ যোগেদি অতি উন্নত পৰ্যায়ৰ গৱেষণা আৰু মানৱ সম্পদ সৃষ্টি কৰাত সহায়ক হব বুলি আশা কৰিছে।

নতুন শিক্ষা নীতি-২০২০ৰ আধাৰত এনে ধৰণৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ সমূহৰ মাজত যুটীয়া পাঠ্যক্ৰম তথা বিভিন্ন শিতানৰ পাঠ্যক্ৰমৰ পোষকতা কৰা হৈছে যাতে সমন্বয় ৰক্ষা কৰাৰ  বিষয়টোৰ যোগেদি দেশত উৎকৃষ্ট মানৱ সম্পদ গঢ়িব পৰা যায় ৷ সেই বিষয়ে সংবাদ মাধ্যমক  আই আই টি( বি এইচ ইউ) ৰ অধ্যাপক প্ৰমোদ কুমাৰ  জৈনে অৱগত কৰে৷ ইয়াৰ উপৰিও আই আই টি( বি এইচ ইউ )আৰু আই আই টি (গুৱাহাটীয়ে) যুটীয়াভাৱে এক এম টেক পাঠ্যক্ৰম বিভিন্ন বিভাগক সামৰি আৰম্ভ কৰাৰ বিষয়েও  চিন্তা চর্চা কৰিছে।

এই যুটীয়া পি এইচ ডি কাৰ্যসূচীত আই আই টি (বি এইচ ইউ) ৰ পৰা দহজন শিক্ষাৰ্থী আৰু আই আই টি (গুৱাহাটীৰ) পৰা আন দহ জন শিক্ষাৰ্থীয়ে বিভিন্ন বিভাগ যেনে অভিযান্ত্ৰিক ,বিজ্ঞান,কলা ইত্যাদি বিষয়ত যুটীয়াভাৱে পি এইচ ডি কৰিবলৈ অংশগ্ৰহণ কৰিব পাৰিব ৷ এই গৱেষণাকাৰী শিক্ষাৰ্থীসকলৰ দুজন নিৰীক্ষক থাকিব আৰু তেওঁলোকে এই দুই শিক্ষানুষ্ঠানত  গৈ অধ্যয়ন তথা গৱেষণা কৰিবলৈ সুযোগ পাব।সৰ্বশেষত  এই শিক্ষাৰ্থী সকলক দুই অনুষ্ঠানে যুটীয়াভাৱে সন্মানীয় ডিগ্ৰী প্ৰদান কৰিব।অৱশ্যে ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত শিক্ষাৰ্থী সকলে এই দুই অনুষ্ঠানৰ অন্তত এবছৰ  গৱেষণাৰ কামত ব্ৰতী হব লাগিব। (IANS)