সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Biosphere  / Forest Reserves  / নিজম পৰিছে পৰ্যটন উদ্যোগ

নিজম পৰিছে পৰ্যটন উদ্যোগ

ক'ৰনাই উত্তৰ প্ৰদেশৰ পৰ্যটনত পেলাইছে প্ৰভাৱ

লক্ষ্ণৌ, ২৯ নবেম্বৰ — উত্তৰ প্ৰদেশ চৰকাৰে এই মাহৰ প্ৰথম ভাগত দেশখনৰ সকলো ধৰণৰ অভয়াৰণ্য তথা জীৱ জন্তুৰ উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিছিল। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ আশাত যেন চেঁচাপানী ঢালিলে পৰ্যটকে ৷ ৰাজ্যখনৰ পৰ্যটন বিভাগে যি আশা কৰি পৰ্যটন ক্ষেত্ৰৰ লগতে,অভয়াৰণ্য,উদ্যান আদি মুকলি কৰি দিছিল তাৰ তেনে কোনো আশানুৰূপ ফল লাভ কৰা নাই বিভাগটোৱে ৷ এতিয়ালৈকে এই অভয়াৰণ্য তথা জীৱ জন্তুৰ উদ্যানবোৰত দেশী বিদেশী পৰ্যটকৰ চকুত পৰা ধৰণৰ ভিৰ পৰিলক্ষিত হোৱা দেখা নাই।

আনহাতে পৰ্যটকৰ বাবে এইয়াই বছৰৰ উপযুক্ত সময় । দোধোৱাৰ ফৰেষ্ট ৰিজাৰ্ভৰ এজন বন বিষয়াই জানিবলৈ দিয়ে  “এই বনাঞ্চলখন সাধাৰণতে বছৰৰ অন্তিম সময়ত বিভিন্ন পৰিয়ালৰ বাবেও এক বিনোদনৰ কেন্দ্ৰ হৈ পৰে। কিন্তু ক’ভিড১৯ ৰ সংক্ৰমণৰ সময়ত বয়সীয়াল মানুহ আৰু ল’ৰা ছোৱালী ঘৰত থৈ পৰিয়ালৰ জ্যেষ্ঠসকলে ইয়াত বিনোদন কৰিবলৈ বা সময় কটাবলৈ আহিব বুলি আশা কৰিব নোৱাৰি কাৰণ জীৱ জন্তুৰ প্ৰতি ল’ৰা ছোৱালীৰ আকৰ্ষণ সকলোতকৈ বেছি আৰু  দহ বছৰৰ কম বয়সীয়া লৰা ছোৱালীৰ ক্ষেত্ৰতেই ক’ভিড১৯ ৰ সংক্ৰমণৰ বিপক্ষে যথেষ্ট সতৰ্কতা ল’ব লগা হৈছে।

“এই বছৰৰ  প্ৰথম ১৫ দিনত উত্তৰ প্ৰদেশৰ বন বিভাগে মাত্ৰ ১৯১ জন পৰ্যটক অহাৰ তথ্য লাভ কৰিছে। তাৰ ভিতৰত এতিয়ালৈকে দোধোৱাৰ ৰাষ্ট্ৰীয় উদ্যান সৰ্ববৃহৎ ১৩০ জন পৰ্যটকে ভ্ৰমণ কৰিছে। আনহাতে কাটাৰিনি ঘাট বন্যপ্ৰাণী অভয়াৰণ্যই১ নবেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত মাত্ৰ ৫৬ জন পৰ্যটকক আদৰিবলৈ সক্ষম হৈছে । আনহাতে পিলবিত  ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত সুখাঘাটত মাত্ৰ ১৫ জনহে পৰ্যটক লাভ কৰিছে। এই সকলো পৰ্যটকৰ পৰা সৰ্বমুঠ আয় হৈছে মাত্ৰ ৬ লাখ টকাহে। দোধোৱাই ৪ লাখ টকা,কাটাৰনী ঘাটে ১.৯ লাখ টকা আৰু পিল ভিতে মাত্ৰ ২৮ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে যোৱা বছৰৰ ১৫ আৰু ২৩ নৱেম্বৰৰ ভিতৰত দোধোৱাই ১.৫৯ জন পৰ্যটকক আদৰিছিল,কাটাৰণি ঘাটে১৩৫ জন আৰু সুখাঘাটে ৭৩ জন পৰ্যটক লাভ কৰিছিল। দোধোৱাই যোৱাবছৰ ৭.৫ লাখ কাটাৰণি ঘাটে ৪.১ লাখ আৰু সুখাঘাটে ১ লাখ ৰাজহ  সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। উত্তৰ প্ৰদেশ ফৰেষ্ট কৰ্পৰেছনৰ মহাপ্ৰবন্ধক ইভা শৰ্মাই কয় ” বিভিন্ন নিষেধজ্ঞাৰ মাজতো দোধোৱাত দেৱালীৰ সময়ত কিছু সংখ্যক পৰ্যটক পদাৰ্পণ কৰিছিল ৷”এই দৰে ক’ভিড১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ বিভিন্ন বিখ্যাত অভয়াৰণ্য আৰু বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত  বনাঞ্চলে অতি নগণ্য সংখ্যক পৰ্যটক লাভ কৰিবলৈ সক্ষম হৈছে। (IANS)