দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Business  / North-east India  / পুনৰ জংঘলমুখী হ’ব কেপিএলটি !

পুনৰ জংঘলমুখী হ’ব কেপিএলটি !

কাৰ্বি আংলঙত CCU গঠনকলৈও অসন্তুষ্ট কেপিএলটি এই প্ৰতিবেদন যুগুতাইছে ৰূপক দাসে

কাৰ্বি আংলং ,২৯ নৱেম্বৰ : ‘হেমপ্ৰেক কাংথিম’ অৰ্থাৎ পৃথক স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীত ২০১১ চনৰ ৮ জানুৱাৰীত কাৰ্বি পাহাৰত জন্ম লাভ কৰিছিল বিদ্ৰোহী সংগঠন কাৰ্বি পিপুলচ লিবাৰেশ্যন টাইগাৰ চমুকৈ কেপিএলটিয়ে  পাহাৰৰ চুকেকোণে হত্যা, ধন দাবী, অপহৰণেৰে সন্ত্ৰাস চলাই জনজীৱনক ত্ৰাসিত কৰাৰ পিছত আলোচনাৰ মাজলৈ আহে আৰু ২০১৬ চনৰ ৬ নৱেম্বৰত বিদ্ৰোহী সংগঠনটোৱে যুদ্ধ বিৰতি ঘোষণা কৰে। কিন্তু ডেজিগনেটেড কেম্পত এতিয়া কেডাৰসকল সন্মুখীন হৈছে এলানি সমস্যাৰ। শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ বিভিন্ন সংগঠনক লৈ গঠন কৰা হৈছে এখনি CCU অৰ্থাৎ Convaning Comitee for Unification । কিন্তু যুদ্ধবিৰতিত থকা বিদ্ৰোহী সংগঠন কেপিএলটিক নজনোৱাকৈ সংগঠনটোৰ  নাম উক্ত কমিটিখনত অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি কেপিএলটিয়ে  ক্ষোভ প্ৰকাশ কৰে। মন কৰিবলগীয়া যে আসন্ন বিধান সভা নিৰ্বাচনত সংগঠনটোৱে  প্ৰতিটো ৰাজনৈতিক দলকে  জাতি-মাটিৰ কথা চিন্তা কৰিব পৰা নিকা ভাবমূৰ্তিৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ ৰাজনৈতিক দলসমূহক আহ্বান জনায়। উল্লেখ্য, হেমপ্ৰেক কাংথিম অৰ্থাৎ পৃথক স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ ক্ষেত্ৰত কোনোদিনেই সংগঠনটোৱে  আপোচ নকৰে আৰু এই দাবীত অটল প্ৰতিটো দল-সংগঠনৰ প্ৰতি কে পি এল টিৰ সমৰ্থন আছে বুলিও কয়। যদিহে এই দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেন্তে পুনৰ অৰণ্যলৈ ঘূৰি যোৱাৰ স্পষ্ট ভাবুকি দিয়ে KPLT ৰ গৃহ সচিব চংছাৰ কাথাৰে।