বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / প্ৰবাসী পঞ্জাৱীৰ খং উঠিছে

প্ৰবাসী পঞ্জাৱীৰ খং উঠিছে

কৃষক বিদ্ৰোহ দমন কৰাৰ পন্থাক লৈ ক্ষুদ্ধ প্ৰবাসী পাঞ্জাৱী

কানাডা,২৯ নৱেম্বৰ: পাঞ্জাৱ আৰু হাৰিয়ানাৰ এক বৃহৎ সংখ্যক কৃষকে প্ৰতিবাদ কৰি দিল্লীত প্ৰৱেশ কৰা ঘটনাই সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু এই বিক্ষোভকাৰী বিশেষকৈ  পাঞ্জাৱৰ কৃষকসকলক দিল্লীৰ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু পানী হিলৈৰে আক্ৰমণ কৰি তেওঁলোকৰ শান্তিপূৰ্ণ যাত্ৰা ব্যাহত কৰিবলৈ চেষ্টা কৰা কাৰ্যত কানাডাত থকা প্ৰবাসী পাঞ্জাৱী সকল যথেষ্ট ক্ষুদ্ধ হৈ পৰিছে।

এই প্ৰবাসী পাঞ্জাৱী সকলৰ বিভিন্ন গোটে ভাৰত চৰকাৰক  প্ৰতিবাদকাৰী কৃষকসকলৰ  লগত শান্তি আলোচনাত বহি সমস্যা সমাধানৰ পৰামৰ্শ আগবঢ়াইছে। কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী হৰজিৎ সাধনে কয় যে শান্তিপূৰ্ণ ভাবে সমদল কৰি অহা কৃষক সকলক নিৰাপত্তা বাহিনীয়ে অত্যাচাৰ কৰা দৃশ্য অতি নিন্দনীয়। কানাডাৰ প্ৰতি ৰক্ষা মন্ত্ৰীজনে টুইট যোগে উল্লেখ কৰে ” মোৰ সমষ্টিৰ বহু সংখ্যক লোকৰ পৰিয়াল তথা আত্মীয় স্বজন ভাৰতৰ পঞ্জাৱত বসবাস কৰি আছে আৰু এখন গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণ ভাবে সকলোৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে”। কানাডাৰ আন এগৰাকী সাংসদ ছানিয়া সিদ্ধুৱেও টুইট যোগে কৃষক সকলৰ ওপৰত নিৰাপত্তা বাহিনীয়ে কৰা অত্যাচাৰৰ বিষয়ে ক্ষোভ প্ৰকাশ কৰে ৷ আন এগৰাকী কানাডাৰ সাংসদ ৰবি সৱতাই কয় যে নিৰাপত্তা বাহিনীৰ বাধা স্বত্তেও কৃষক সকলে শান্তিপূৰ্ণ  সমদল কৰি আগবাঢ়ি যোৱা কাৰ্য প্ৰশংসনীয়।

টুইট যোগে ৰবি সৱতাই উল্লেখ কৰে যে গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণ ভাৱে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে আছে। আনহাতে ব্ৰিটিছ কলম্বিয়াৰ সংসদীয় সচিব আৰু চণ্ডীগড়ত জন্ম লাভ কৰা ৰাস্না সিঙেও কয় ” পাঞ্জাৱৰ কৃষক সকলৰ ওপৰত কৰা অত্যাচাৰৰ বাবে মই অতি দুখিত ৷” কানাডাৰ এগৰাকী নেতাই পাঞ্জাৱৰ আৰু ভাৰতৰ অন্যান্য প্ৰতিবাদকাৰী কৃষকসকলৰ প্ৰতি নিজৰ নৈতিক সমৰ্থন আগবঢ়ায় আৰু তেওঁলোকৰ  লগত ভাৰত চৰকাৰে অতি শীঘ্ৰেই আলোচনাত বহিবলৈ আহ্বান জনায় ৷

ইয়াৰ ওপৰিও অন্যান্য যথেষ্ট সংখ্যক প্ৰবাসী পাঞ্জাৱী ৰাজনীতিক তথা গণ্য মান্য ব্যক্তি যেনে নৱদ্বীপ বাইন্স ,ব্ৰিটেইনৰ সাংসদ প্ৰীত ক’ৰ গিল, ইন্দুকানাডিয়ান ৰাজনীতিবিদ গুৰতাম সিঙেও শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰা কৃষক সকলৰ ওপৰত কৰা অত্যাচাৰত ক্ষোভ প্ৰকাশ কৰে। কানাডাৰ ৰাজনীতিবিদ গুড়তাম সিঙে অন্তৰীয়’ বিধানসভাত উল্লেখ কৰে যে তেওঁ নিজেও এটা কৃষকৰ পৰিয়ালৰ পৰা আহিছে আৰু কৃষক সকলৰ দুখ- বেদনা তেওঁ সেয়ে উপলব্ধি কৰিব পাৰে।

কৃষকসকলে শান্তিপূৰ্ণ ভাবে কৰা প্ৰতিবাদক ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত বুলিও তেওঁ পৰামৰ্শ আগবঢ়ায় ৷ আন এগৰাকী ৰাজনীতিবিদ তথা অন্টাৰীঅ’ ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা  এন্দ্ৰিঅ’ হাউৰাইও ভাৰতৰ বিক্ষোভ কাৰী কৃষক সকলৰ প্ৰতি তেওঁৰ নৈতিক সমৰ্থন আগ বঢ়াইছে। কানাডাৰ আন এগৰাকী সাংসদ তিম উপ্পালেও কৃষকসকলৰ মৰ্ম বেদনা উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ লগত আলোচনাত বহিবলৈ আহ্বান জনাইছে। এইদৰেই ইউৰোপৰ বিভিন্ন দেশ বিশেষকৈ কানাডাৰ আৰু ব্ৰিটেনত থকা প্ৰবাসী পাঞ্জাৱী লোকসকলে ভাৰতৰ প্ৰতিবাদকাৰী কৃষক সকলৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। (IANS)