শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মোহ এৰিব পৰা নাই ‘বিগ বছ’ৰ

মোহ এৰিব পৰা নাই ‘বিগ বছ’ৰ

'বিগ বছ’ত পুনৰ অংশ ল’ব বিচাৰে ৰাখীহঁতে

মুম্বাই, ২৯ নৱেম্বৰ : জনপ্ৰিয় ধাৰাবাহিক ‘বিগ বছে’ ইতিমধ্যে তেৰটা বৰ্ষ সম্পূৰ্ণ কৰি চতুৰ্দশ বৰ্ষত ভৰি থৈছে ৷

বিগ বছ’ৰ চতুৰ্দশ বৰ্ষৰ খণ্ডবোৰত আগৰ কিছু সংখ্যক দৰ্শকক আমোদ দিয়া তথা বিতৰ্কৰ সৃষ্টি কৰি জনপ্ৰিয়তা লাভ কৰা অভিনেতা -অভিনেত্ৰীয়ে পুনৰ অংশ ল’ব বিচাৰিছে ৷ সেই অভিনেতা -অভিনেত্ৰী সকলৰ ভিতৰত ৰাখী সাৱন্ত,মনু পঞ্জাৱী,বিকাশ গুপ্তা,ৰাহুল মহাজন,আৰ্চী খান আদি প্ৰধান৷’বিগ বছ’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অংশ লৈ ৰাখী সাৱন্ত, আৰু কাশ্মীৰা আছিল প্ৰথম বৰ্ষত অংশ লোৱা অংশগ্ৰহণকাৰী আৰু ৰাহুল মহাজন আছিল দ্বিতীয়  খণ্ডৰ অংশগ্ৰহণকাৰী ৷ মনো পঞ্জাৱী আছিল ‘বিগ বছ’ৰ দশম বৰ্ষৰ অংশগ্ৰহণকাৰী ৷ আনহাতে,ছালমান খানে আঁত ধৰা ‘বিগ বছ’ৰ খণ্ডত ‘হাউছ মেট’ হিচাপে অংশ লৈছিল বিকাশ গুপ্তা আৰু আৰ্চী খানে ৷

‘বিগ বছ’ৰ চতুৰ্দশ খণ্ডৰ অংশগ্ৰহণকাৰী সকল ক্ৰমে ৰুবীনা দিলাক,অভিনব শুক্লা,কবিতা কৌশিক,ইজাজ খান,পবিত্ৰ পুনীয়া,ৰাহুল বৈদ্য,জেচমিন ভাচিন আৰু আলী গণি ৷ (IANS)