সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সংগ্ৰহালয় তাকো আকৌ বৃক্ষৰ !

সংগ্ৰহালয় তাকো আকৌ বৃক্ষৰ !

বিশ্বতে প্ৰথমবাৰৰ বাবে হ’ব বৃক্ষ সংগ্ৰহালয়

চণ্ডীগড় ,২৯ নৱেম্বৰ: গুৰু নানকৰ ৫৫১ তম জন্ম জয়ন্তী উপলক্ষে পঞ্জাৱৰ ৰাজ্যপাল ভি পি সিং  ভানদোৰে কাইলৈ এটা বৃক্ষ সংগ্ৰহালয়ৰ শুভাৰম্ভ কৰিব ৷ উক্ত সংগ্ৰহালয়ত শিখ ধৰ্মৰ লগত জড়িত বাৰ বিধ পবিত্ৰ বৃক্ষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ বিশ্বৰ বিভিন্ন স্থানত থকা ৫৯  খন শিখ তীৰ্থস্থানক মুঠ ১৯ বিধ বিভিন্ন প্ৰজাতিৰ পবিত্ৰ বৃক্ষৰ নামেৰে নামাকৰণ কৰা  আছে ৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শিখ ধৰ্মত কিছুমান গছক অতি পবিত্ৰ হিচাপে গণ্য কৰা হয় আৰু সেইয়ে এনে ধৰণৰ গছবোৰক  বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ চণ্ডীগড়ৰ এটা বেচৰকাৰী সংস্থা “নেচাৰ এণ্ড হেলথ চ’ছাইটি’ৰ উদ্যোগত আৰু ৰাজ্যখনৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত প্ৰথমবাৰৰ বাবে এই সংগ্ৰহালয় মুকলি কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷

প্ৰতি জোপা প্ৰকৃত গছৰ কাষত একোখনকৈ গছজোপাৰ তথ্য সম্বলিত ফলক ৰখা হ’ব ৷ উক্ত ফলকত গছজোপাৰ বৈজ্ঞানিক নাম,ইয়াৰ বৈশিষ্ট্য তথা উপকাৰিতা আদিৰ বিষয়ে সবিশেষ উল্লেখ থাকিব ৷ প্ৰকৃত পবিত্ৰ বৃক্ষজোপাৰ সঁচ যাতে যুগ যুগান্তৰলৈ জীয়াই ৰাখিব পাৰি তাৰ ব্যৱস্থা কৰা হ’ব এই সংগ্ৰহালয়ত ৷ ইতিমধ্যে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত থকা ’দুখ ভানজানী’ বৃক্ষজোপাৰ বংশ বৈজ্ঞানিকভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ (IANS)