মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৰাহুল ৰয়ৰ অসুখ

ৰাহুল ৰয়ৰ অসুখ

ৰাহুল ৰয় অসুস্থঢত

মুম্বাই,২৯ নৱেম্বৰ: জনপ্ৰিয় অভিনেতা ,’আশ্বিকী’ চিনেমাৰ নায়ক ৰাহুল ৰয় গুৰুতৰভাৱে অসুস্থ হৈ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

নব্বৈ দশকৰ জনপ্ৰিয় অভিনেতাজন কাৰ্গিলত এখন চলচ্চিত্ৰৰ শ্বুটিঙত ব্যস্ত থকাৰ সময়ত উক্ত দুৰ্ভাগ্যজনক ঘটনাটো  সংঘটিত হয় ৷

নীতিন কুমাৰ গুপ্তাৰ নিৰ্দেশত মুক্তি পাব লগা এখন চলচ্চিত্ৰৰ শ্বুটিঙৰ সময়ত সীমান্তত সঘনাই হোৱা বতৰ পৰিবৰ্তনৰ লগত তেওঁৰ শৰীৰে সমতা ৰক্ষা কৰিব নোৱাৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷ ৰাহুল বৰ্তমান নানাৱতী হস্পিতালত ভৰ্তি হৈ আছে  আৰু চিকিৎসকৰ ভাষ্য অনুসৰি ৰাহুলৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷  (IANS)