সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আইচিচি’ত অসন্তুষ্টি

আইচিচি’ত অসন্তুষ্টি

বাৰ্কলে সভাপতি হোৱাটো মানি ল’ব পৰা নাই সকলোৱে

নতুন দিল্লী,৩০: নৱেম্বৰ:ক’ভিডৰ সংক্ৰমণৰ প্ৰভাৱ এইবাৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল বা আই চি চি ৰ ওপৰতো পৰিছে ৷ সন্থাটোৰ নতুন মুখ্য বিষয়া গ্ৰেগৰ জন বাৰ্কলেৰ মতে সন্থাৰ বিষয়ববীয়া সকলে আনুষ্ঠানিক ভাৱে লগ হ’ব নোৱাৰা বাবে সন্থাৰ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত অচলাৱস্থা দেখা দিছে ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সন্থাই ২৫ নৱেম্বৰত ৫৯ বছৰীয়া নিউজিলেণ্ডবাসী বাৰ্কলেক নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে ৷ অৱশ্যে সমগ্ৰ প্ৰক্ৰিয়াটোত যথেষ্ট বিতৰ্কৰ অৱতাৰণা হৈছিল ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ শশাংক মনোহৰে দুটা কাৰ্যকালৰ পাছত ইস্তফা দিয়ে আৰু তেওঁ তৃতীয়টো কাৰ্যকালৰ বাবে ইচ্ছুক নহয় বুলি জনাইছিল৷ নতুন সভাপতি বাৰ্কলেই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে ক’ভিড মহামাৰী নোহোৱাহেঁতেন তেওঁলোক নিশ্চয় সন্থাৰ ডুবাইস্থিত আন্তৰ্জাতিক মুখ্য কাৰ্যালয়ত লগ হৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে অনুষ্ঠিত কৰিব পাৰিলহেতেঁন ৷ সোমবাৰে আইনৰ ডিগ্ৰীধাৰী বাৰ্কলেই কয় যে আগন্তুক দিনত তৎকালীন ভাৱে যোগাযোগ ৰক্ষা কৰি সন্থাৰ কাৰ্যভাৰ চম্ভালি লোৱাই তেওঁৰ প্ৰধান উদ্দেশ্য হ’ব ৷ তেওঁ প্ৰত্যেকজন সঞ্চালকৰ লগত ব্যক্তিগত ভাৱে যোগাযোগ কৰি বিভিন্ন বিষয়ত আলোচনাৰ মাধ্যমৰে সহমতত উপনীত হ’বলৈ চেষ্টা কৰিব ৷ উল্লেখযোগ্য যে বাৰ্কলেই তেওঁৰ প্ৰতিদ্বন্দ্ব্বী ছিংগাপুৰৰ ইমৰাণ খাজাক এক গোপন ভোটযোগে পৰাস্ত কৰে ৷