শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আনন্দই বোলে ভুলতেহে ‘আনন্দ’ কৰিছিল

আনন্দই বোলে ভুলতেহে ‘আনন্দ’ কৰিছিল

এইবাৰ কংগ্ৰেছী নেতা আনন্দ শৰ্মাৰ ওলোটা খৰ

নতুন দিল্লী,৩০ নৱেম্বৰ:কিছুদিন আগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা আনন্দ শৰ্মাই প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা দেশত ক’ভিড প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰা কাৰ্যক প্ৰশংসা কৰিছিল ৷ কিন্তু দলত এই সংক্ৰান্তত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে এতিয়া ওলোটা খৰ মাৰি সেইয়া এক ভুল আছিল বুলি দুখ প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে আনন্দ শৰ্মাই নিজৰ টুইট যোগে মোডীয়ে ছিৰাম ইন্সটিটিউট,ভাৰত বায়’টেক আৰু জাইদাছ কেডিলা ভ্ৰমণ কৰা কাৰ্যক আদৰণি জনাই এইয়া ভাৰতৰ গৱেষকসকলৰ প্ৰতি স্বীকৃতি তথা বিশ্বাস বুলি অভিহিত কৰিছিল ৷ তাৰোপৰি কংগ্ৰেছী নেতাজনে মোডীক  প্ৰতিষেধকৰ যাতে সুকলমে বিতৰণ হয়,তাৰ ব্যৱস্থা ল’বলৈও আহ্বান জনাইছিল ৷ এনে কাৰ্যই ক’ভিড যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিব বুলিও আনন্দ শৰ্মাই উল্লেখ কৰিছিল ৷ কিন্তু আনন্দ শৰ্মাৰ এই বক্তব্য দলৰ সাধাৰণ সম্পাদক ৰনদীপ সিং সূৰ্যৱালাৰ শনিবাৰৰ বক্তব্যৰ সম্পূৰ্ণ বিপৰীত ভাষ্য আছিল ৷ ৰনদীপ সিং সূৰ্যৱালাই টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে বিমানেৰে যাত্ৰা কৰাৰ পৰিৱৰ্তে বিক্ষোভকাৰী কৃষকৰ লগত আলোচনাত বহিবলৈ পৰামৰ্শ দিছিল আৰু কৈছিল যে গৱেষকসকলে প্ৰতিষেধক আৱিষ্কাৰ কৰিব,কৃষকসকলে শস্য উৎপাদন কৰিব আৰু মোডী সহিতে বিজেপিৰ নেতাসকলে টেলিভিছনৰ আগত বক্তৃতা দিব৷ নিজ  দলতে এনে বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈ এতিয়া আনন্দ শৰ্মাই কথাৰ সুৰ সলাইছে ৷