সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ডি ভিটামিনৰ অভাৱত সংক্ৰমিত হয় ক’ভিড

ডি ভিটামিনৰ অভাৱত সংক্ৰমিত হয় ক’ভিড

ভিটামিন ডি’য়ে ক’ভিড১৯ ৰ সংক্ৰমণ হ্ৰাস কৰে

নিউয়ৰ্ক,৩০ নৱেম্বৰ:ভিটামিন ডি’ৰ দ্বাৰা ক’ভিড মহামাৰীৰ সংক্ৰমণ হ্ৰাস হয় বুলি প্ৰাৰম্ভিক পৰীক্ষাত প্ৰমাণিত হোৱাত এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন ষ্টেট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে এইবিষয়ত আৰু অধিক গৱেষণা কৰিবলৈ আগবাঢ়িছে ৷ এই গৱেষকৰ দলত গিৰিছ কিৰিমানজিচৰা নামৰ এজন ভাৰতীয়ও আছে আৰু ইতিমধ্যে ‘নেছনেল ইন্সটিটিউট অব হেল্থ’ৰ দ্বাৰা দলটোক প্ৰায় ২৪১  কোটি বিত্তীয় অনুদান প্ৰদান কৰা হৈছে ৷ উল্লেখযোগ্য যে এই ৰোগত গুৰুতৰ ভাৱে আক্ৰান্ত প্ৰায় সকলো ৰোগীৰে দেহত ভিটামিন ডি’ৰ অভাৱ দেখা গৈছে আৰু ভিটামিন ডি’ৰ চাপ্লিমেণ্ট গ্ৰহণ কৰিলে ঋতুজনিত ইনফ্লুয়েঞ্জা ৰোধক প্ৰতিৰোধ কৰিব পাৰি বুলি চৰ্চা হৈছে ৷ গৱেষকসকলে ইতিমধ্যে প্ৰমাণ পাইছে যে ভিটামিন ডিয়ে পাকস্থলীৰ সমতুলতা ৰক্ষা কৰে তথা পাকস্থলীৰ বিভিন্ন ৰোগ,ক্ৰন ৰোগ,হাওঁফাওঁৰ সংক্ৰমণ হ্ৰাস কৰে ৷ অৱশ্যে অতিমাত্ৰা ভিটামিন ডি স্বাস্থ্যৰ বাবে হানিকাৰক৷কিন্তু এতিয়ালৈকে ভিটামিন ডিয়ে প্ৰকৃততে কেনেকৈ দেহত ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰে,তাক বুজিব পৰা হোৱা নাই ৷ এনে কাৰণৰ বাবেই শ্বাস -প্ৰশ্বাস জনিত ৰোগৰ চিকিৎসাৰ ঔষধৰ আৱিষ্কাৰত এতিয়াও বহুত জটিলতা আছে বুলি গৱেষকসকলে ক’ব খোজে ৷ আগন্তুক দিনত এই গৱেষকৰ দলটোৱে নিগনিৰ ওপৰত এই বিষয়ে অধিক গৱেষণা চলাব ৷