সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পাঁচ জনেহে চাব পাৰিব তাজমহল!

পাঁচ জনেহে চাব পাৰিব তাজমহল!

অনলাইন টিকট বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ পুৰাতত্ত্ব বিভাগ

আগ্ৰা, ৩০ নৱেম্বৰ:বিগত সময়ত তাজমহলৰ দৰ্শনাৰ্থীসকলৰ বাবে আৰম্ভ কৰা অনলাইন টিকট বিক্ৰী  প্ৰক্ৰিয়াটোৰ এচাম দৰ্শনাৰ্থীয়ে অপব্যৱহাৰ কৰিছিল বুলি অভিযোগ উথাপন হৈছিল ৷ এজন দৰ্শনাৰ্থীয়ে সৰ্বাধিক ২০টা টিকট অনলাইন যোগে ক্ৰয় কৰি টিকটৰ কলা বজাৰত উচ্চ হাৰত এই টিকট বিক্ৰী কৰিছিল বুলি অভিযোগ উঠিছিল ৷ এনে কাৰ্য ৰোধ কৰাৰ বাবে এতিয়া ভাৰতীয় পুৰাতত্ত্ব বিভাগে এজন দৰ্শনাৰ্থীয়ে প্ৰাপ্তবয়স্কৰ বাবে মাত্ৰ ৫ টা টিকট আৰু শিশুৰ বাবে মাত্ৰ ৩ টিকটহে ক্ৰয় কৰিব পাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে ৷ আগ্ৰা অঞ্চলৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীক্ষক বসন্ত স্বৰ্ণকাৰে কয় যে ১৫ বছৰৰ অনুৰ্ধৰ লৰা ছোৱালীৰ বাবে টিকটৰ প্ৰয়োজন নহ’ব ৷ তেওঁ লগতে উল্লেখ কৰে যে এই নতুন নিয়ম আগ্ৰা অঞ্চলৰ অনান্য কীৰ্তিচিহ্ন যেনে ফটেহপুৰ চিক্ৰী আৰু আগ্ৰা দুৰ্গৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব ৷ উল্লেখযোগ্য যে স্বৰ্ণকাৰে কিছুদিন আগতে জিলা দণ্ডাধীশ তথা পুলিচ বিভাগক টিকটৰ কলা ব্যৱসায় হোৱা বুলি অভিযোগ দাখিল কৰিছিল ৷ আৰক্ষীয়ে এই অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ১৫১ ধাৰাত অভিযুক্ত কৰিছিল ৷ তাৰোপৰি এতিয়াৰ পৰা টিকেটৰ ওপৰত দৰ্শনাৰ্থীৰ নাম লিখা থাকিব আৰু  পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পিছতহে দৰ্শানাৰ্থী সকলক প্ৰবেশ কৰিবলৈ দিয়া হ’ব ৷ বিগত দেওবাৰে ৪,৩০১জন আৰু শনিবাৰে ৩,৯৫৭জন দৰ্শনাৰ্থীয়ে তাজমহল দৰ্শন কৰে ৷ দিল্লী সীমান্তত কৃষকৰ বিক্ষোভৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা কম  হোৱা বুলি বিভাগীয় সুত্ৰই জনাইছে ৷ আনহাতে স্থানীয় ট্যুৰ অপাৰেটৰ সকলে নতুন নিয়মক সমালোচনা কৰিছে ৷ তেওঁলোকৰ মতে টিকটৰ কলা ব্যৱসায়ৰ সমস্যা দৈনিক দৰ্শনাৰ্থীৰ সৰ্বোচ্চ সীমা ৫,০০০তকৈ বৃদ্ধি কৰি সমাধান কৰিব পৰা গ’লহেঁতেন ৷