সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / পেৰা -পুৰী মানেই বোকাখাত

পেৰা -পুৰী মানেই বোকাখাত

বোকাখাতৰ পেৰাৰ সোৱাদ নোলোৱা মানুহ নিশ্চয় নোলাবই৷কিন্তু এতিয়া অত্যধিক দামে গ্ৰাহকক সেই সোৱাদৰ পৰা আঁতৰাই আনিছে৷এই প্ৰতিবেদন আগবঢ়াইছে চবিন তামুলীয়ে

বোকাখাত,৩০ নৱেম্বৰ:অসমৰ বিখ্যাত বোকাখাতৰ পেৰা আৰু পুৰী:: অসমৰ বোকাখাত জনগাঁঠনি আৰু উন্নয়নৰ দিশৰ পৰা এখন সৰু চহৰ যদিও মিঠাই আৰু পুৰীৰ  ক্ষেত্ৰত বোকাখাতৰ আছে এক সুকীয়া পৰিচয়। শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল লোকে এবাৰ বোকাখাতৰ সুস্বাদু মিঠাই বিশেষকৈ পেৰাৰ সোৱাদ এবাৰ লয় দ্বিতীয়বাৰ তেওঁ বোকাখাতৰ মাজেদি পাৰ হৈ যাওঁতে বোকাখাতৰ হোটেল সমূহৰ পৰা  পেৰা নিকিনাকৈ ঘূৰি নাযায়। বছৰৰ সকলো সময়তে পেৰাৰ  চাহিদা অত্যাধিক যদিও বনভোজৰ সময়চোৱাত অস্বাভাৱিক ভাৱে পেৰাৰ চাহিদা বৃদ্ধি পায়।যোৰহাট,গোলাঘাট,শিৱসাগৰ,ডিব্ৰুুগড়,তিনিচুকীয়া  আদি সকলো ঠাইৰ  যাত্ৰা পথত গাড়ী, বাছ ৰখাই  হ’লেও বোকাখাতৰ পেৰা কিনি লৈ যায়।

বোকাখাতৰ সকলো হোটেলতে পেৰা উপলব্ধ যদিও মহাৰাজী,গজৰাজ,আৰু অসমী  হোটেলত পেৰাৰ গ্ৰাহক মনকৰিবলগীয়া। কিছুমান হোটেলত ১০/২০ টকাৰ দামৰ পাৰ্থক্য আৰু চেনিৰ তাৰতম্য দেখা যায় যদিও তেওঁলোকে গ্ৰাহকক ভেজাল পেৰা বিক্ৰি নকৰে।বোকাখাতৰ মাজমজিয়াত অৱস্থিত মহাৰাজী হোটেলৰ স্বত্বাধিকাৰী পণ্টু শৰ্মাই বোকাখাতৰ পেৰা সন্দৰ্ভত এনেদৰে কয়,”আমি আজি এশ বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত। আমাৰ ককাদেউতাই প্ৰথমে এই কামৰ আৰম্ভণি কৰিছিল।বোকাখাত মহখুটি,ধনশ্ৰীমুখৰ পৰা অহা পৰ্যাপ্ত পৰিমানৰ লোকেল গাখীৰ  আমি পগাই আচল সোৱাদৰ পেৰা বনাওঁ,যদি নতুন প্ৰজন্মৰ কিছুমান যুৱকে পেৰা ব্যৱসায় কৰি স্বাৱলম্বী হ’ব বিচাৰে তেন্তে বিনাদ্বিধাই আামি তেওঁলোকক প্ৰশিক্ষণ দিবলৈয়ো প্ৰস্তুত।”

সাধাৰণতে সোৱাদৰ ভিত্তিত মুগা ৰঙৰ ফচফচীয়া পেৰা আচল পেৰা বুলি ক’ব পাৰি।বোকাখাতৰ পেৰাৰ ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত এবছৰৰ পৰা অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগেও নতুনকৈ পেৰা বিক্ৰীৰ কাম হাতত লৈ গ্ৰাহকৰ চাহিদা পূৰণ কৰাত সহায় কৰিছে।বিশেষকৈ বোকাখাত চৰকাৰী ডেইৰীৰ পেৰাৰ এক বিশেষ বৈশিষ্ট্য হ’ল ইয়াত চেনিৰ পৰিমাণ  কমকৈ ব্যৱহাৰ কৰা হয় বাবে ডায়েবেটিছ ৰোগীয়েও ইয়াক অনায়াসে খাব পাৰে আৰু দেহত ক্ষতিৰ শংকা নাথাকে। পথৰ দাঁতিৰ হোটেলৰ তুলনাত ডেইৰীত  প্ৰতি কিল’গ্ৰামত ৬০ টকা কমকৈ লোৱা হয় বুলি ডেইৰীৰ কৰ্মচাৰীয়ে অৱগত কৰে। চৰকাৰী নিৰ্ধাৰিত মূল্যত ইয়াত বিক্ৰী কৰিব লগীয়া হয় কাৰণে তেওঁলোকে প্ৰতি কিল’গ্ৰামত ৪৪০ টকাকৈ লোৱাৰ বিপৰীতে আন হোটেল সমূহে প্ৰতি কেজি পেৰাত ৫০০ টকাকৈ লয়।আনহাতে হোটেল সমূহে একচেটিয়া ভাৱে এই ব্যৱসায়ত জড়িত  হোৱাৰ লগতে সংগৃহীত গাখীৰৰ দামৰ তাৰতম্যৰ বাবে ডেইৰীৰ দৰত পেৰা বিক্ৰী  কৰিব নোৱাৰে বুলি কেইবা জনো ব্যৱসায়ীয়ে জনাইছে।বোকাখাত ধনশ্ৰীমুখৰ  বয়োজ্যেষ্ঠ ব্যক্তি এজনে কয়, “আগতে বোকাখাতৰ ধনশীমুখৰ প্ৰতি ঘৰ মানুহৰ ঘৰতে ২/৩ মোনকৈ গাখীৰৰ ব্যৱস্থা আছিল। আমি সকলোৱে গাখীৰ বোৰ নি মহাৰাজী হোটেলত দিছিলোঁ। তেতিয়া পেৰাৰ দাম আছিল প্ৰতি কেজিত ৩০ টকা। বৰ্তমান সময়ত মুকলি পথাৰৰ অভাৱত গৰু পামবোৰ কমি আহিল আৰু গাখীৰৰ যোগান কমি যোৱাত বৰ্তমান এক কেজি পেৰাৰ দাম ৫০০টকা হৈছেগৈ।” 

আনহাতে,কলপাতত দিয়া বোকাখাতৰ পুৰীও হৈছে বোকাখাতৰ   এক ব্যতিক্ৰমী পৰিচয়।ব্যক্তিগত বাহন লৈ বোকাখাতলৈ অহা দূৰ দূৰণিৰ  যাত্ৰীয়ে বোকাখাতত নামি বালাজী আৰু গজৰাজ হোটেলত কলপাতৰ পুৰী খাই তৃপ্তি লাভ কৰে। লকডাউনৰ পিছৰ পৰা তাত কলপাতৰ যোগান ধৰা গাঁৱলীয়া বেপাৰী সমূহ নোহোৱা হোৱাত তেওঁলোকে ডিচপ’জেবল থালৰ ব্যৱস্থা কৰিছে।বোকাখাতৰ পুৰী সন্দৰ্ভত গ্ৰাহক ৰঞ্জন দলেই  কয়,”বোকাখাতৰ পুৰীয়ে গেছ নকৰে।কাৰণ তাত যিটো আলু চব্জি দিয়ে সেইয়া সম্পূৰ্ণ সিজোৱা আলুৰ ৰেছিপি। বইল আলুত ৰঙা জলকীয়াৰ গুড়ি আৰু জিৰাগুৰি দি ৰং টো উঠাই দি গৰমে গৰমে কেচা কলপাতত দিলে তাৰ সোৱাদেই সুকীয়া হৈ পৰে। লগত কেচা জলকীয়াৰ ছাটনি।সেই ৰেছিপিকে মন্ত্ৰী সদাগৰকে ধৰি সকলো সৰু বৰ মানুহে  তৃপ্তিৰে খায়।”