সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / যানযঁটৰ পৰা ৰেহাই পাব পাটনাই

যানযঁটৰ পৰা ৰেহাই পাব পাটনাই

সৰ্বাধিক দৈঘ্যৰ সেতু নিৰ্মাণ হ’ল পাটনাত

পাটনা ৩০ নৱেম্বৰ:পাটনাবাসীয়ে আজি ৰাজ্যখনৰ সবাতোকৈ দীঘল উৰণীয়া সেতুখন লাভ কৰিব ৷ এই সেতুখনে বিহাৰবাসীক দীৰ্ঘদিনীয়া যানযঁটৰ সমস্যাৰ পৰা মুক্ত কৰিব ৷পাটনা চহৰৰ যানযঁটৰ সমস্যা হ্ৰাস কৰিবলৈ ১২.৫ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতু খনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে ৷”ছয় লেনযুক্ত এই সেতুৱে পাটনা নগৰ খনক দীঘাৰ লগত সংযোগ কৰাৰ লগতে ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ লগতো সংযোগ কৰিব ৷ এই ছয় লেনযুক্ত  উৰণীয়া সেতুখনৰ  আজি শুভাৰম্ভ কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ বিহাৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ মহাপ্ৰবন্ধক সঞ্জয় কুমাৰ আগৰৱালে ইতিমধ্যে কালি সমগ্ৰ সেতুৰ কাম কাজ পৰ্যবেক্ষণ কৰি বাকী থকা কামখিনি সোমবাৰৰ পুৱাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰামৰ্শ দিয়ে ৷”এই উৰণীয়া সেতুখনে পাটনাবাসীক যানযঁটৰ পৰা সকাহ দিব আৰু বিহাৰৰ দক্ষিণ অংশ আৰু উত্তৰ অংশৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে ক্ষীপ্ৰ কৰিব “- এনেদৰে মন্তব্য কৰে মহাপ্ৰবন্ধক গৰাকীয়ে৷