সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / “আমি সমিতি বনোৱাত নাই”:কৃষক নেতা

“আমি সমিতি বনোৱাত নাই”:কৃষক নেতা

৬ দিনীয়া প্ৰতিবাদৰ অন্তত চৰকাৰে সমিতি বনোৱাৰ কথাহে ক’লে

নতুন দিল্লী, ১ ডিচেম্বৰ:প্ৰচণ্ড শীতেও বিদ্ৰোহী কৃষকৰ খং ক্ষোভ কমাব পৰা নাই দিল্লীৰ সীমান্তবৰ্তী অঞ্চলবোৰত ৷ পঞ্জাৱ,হাৰিয়ানাৰ পৰা অহা কৃষকসকলৰ বিক্ষোভে একপ্ৰকাৰ কঁপাই তুলিছে দিল্লীৰ মচনদ ৷ সেয়ে কালি দিনটোত কৃষকসকলৰ লগত তিনি ডিচেম্বৰতহে বহিব বুলি জনোৱা চৰকাৰে সিন্ধান্ত সলনি কৰি আজিয়েই নতুন দিল্লীৰ বিজ্ঞান ভৱনত আলোচনাত বহিবলৈ বাধ্য হয় ৷ আজি আবেলি তিনি বজাত বিভিন্ন কৃষক সংগঠনক প্ৰতিনিধিত্ব কৰা প্ৰায় ৩২ গৰাকী কৃষক নেতাৰ লগত আলোচনাত বহে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী পীযুষ গোৱেল ৷

আলোচনা সম্পূৰ্ণভাৱে বিফল হোবা বুলি উল্লেখ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰূপ সিং চানাই কয়”চৰকাৰে আইন কেইখনৰ বিষয়টো আলোচনা কৰিবলৈ এখন সমিতি গঠন কৰাৰ কথা কৈছে ৷ তেওঁলোকে এই প্ৰক্ৰিয়াৰে সমস্যাৰ সমাধান ওলিওৱাৰ পৰিবৰ্তে সমগ্ৰ প্ৰক্ৰিয়াটো দীঘল কৰিব বিচাৰিছে ৷ আমাৰ নেতাসকলে পোনচাটেই তেওঁলোকৰ এই সিন্ধান্তক নাকচ কৰিছে ৷ আমাৰ এই বিক্ষোভ চলি থাকিব আৰু আগতকৈ কঠোৰ আৰু দৃঢ় ভাৱে আমি আমাৰ প্ৰতিবাদ চলাই নিম ৷ “উল্লেখযোগ্য যে তিক্ৰি,সিংঘু আৰু ঘাজীপুৰ সীমান্তত এতিয়াও হাজাৰ হাজাৰ কৃষক ৰাজধানী দিল্লীত প্ৰবেশৰ বাবে অপেক্ষাৰত অৱস্থাত আছে ৷ আজিৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত কাইলৈ পুনৰ আলোচনাত বহাৰ সিন্ধান্তৰ বিষয়ে জনাইছে চৰকাৰী পক্ষই ৷ (IANS)