শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ইচ্ছা থাকিলই উপায় ওলায় !

ইচ্ছা থাকিলই উপায় ওলায় !

লেতেৰা গাড়ীৰ বাবে টেনচন নাই এতিয়া পাৰ্থ প্ৰতীম হাজৰিকাৰ বিশেষ প্ৰতিবেদন

গুৱাহাটী,১ ডিচেম্বৰ – চৰকাৰী চাকৰিৰ নামত ঘৰ,মাটি,বিক্ৰী কৰি উপঢৌকন আগবঢ়োৱাৰ এক তথাকথিত তথা অঘোষিত ‘পৰম্পৰা’ চলি থকাৰ সময়তে লক্ষীমপুৰৰ এজন যুৱকে দাঙি ধৰিছে এক অনন্য নিদৰ্শন ৷

চাকৰিৰ এই মহঙা বজাৰখনত নব প্ৰজন্মই বক্ৰ পথেৰে চাকৰি ল’বলৈ গৈ ৰঙাঘৰৰ আলহী হোৱাৰ সন্ধিক্ষণত এইজন প্ৰকৃত কৰ্মোদমী যুবক বহুতৰ বাবে আদৰ্শ হ’ব পাৰে ৷

যুবকজনৰ ঘৰ লক্ষীমপুৰৰ কদমত ৷ তেজপুৰ বিশ্ব বিদ্যালয়ৰ পৰা পৰ্যটন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কৰ্মসূত্ৰে ঢাপলি মেলিছিল গুৱাহাটীলৈ ৷ বিগত ১ বছৰৰ ধৰি এটি ব্যক্তিগত খণ্ডৰ  পৰ্যটনৰ লগত জডিত কোম্পানীত নিয়োজিত আছিল তেওঁ ৷ কিন্তু কৰ’নাৰ ভয়াবহ ৰূপৰ বাবে অৰূপ জ্যোতি শইকীয়া নামৰ যুবকজন পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল ৷

হাতত কোনো কাম নাই , শিক্ষাগত অৰ্হতা থকা স্বত্বেও নিবনুৱা হৈ পৰিল শিক্ষিত যুবকজন ৷ কিন্তু কিবা এটা কৰাৰ হেপাঁহে যেন যুবকজনক বিগত দিন সমূহত শুবলৈ দিয়া নাছিল ৷ সেয়ে হয়তো পোখালি মেলিলে তেওঁৰ সপোনে ৷

সপোনে বাস্তৱ ৰূপ ল’লে The Dirt Devils ৰূপে ৷নিজ ঘৰৰ সমুখতে আৰম্ভ কৰিলে অত্যাধুনিক পদ্ধতিৰে গাড়ী ধুৱ পৰা এটা প্ৰতিষ্ঠান ৷ সপোন বোৰ ক্ৰমশঃ ডাঙৰ হল, যুবকজনৰ ’দ্যা দাৰ্ট ডেভিলচ’ নামৰ প্ৰতিষ্ঠানটো এতিয়া উপলব্ধ আপোনাৰ ঘৰৰ পদূলিত ৷ অৰূপে নিজৰ লগতে কৰ্ম সংস্থাপন দিলে গাঁৱৰে আন দুজন যুবকক ৷ এতিয়া ,মাথোঁ আপোনাৰ এটা ফোন কলৰ পাছতেই আপোনাৰ গৃহত উপস্থিত হ’বগৈ যুবকজনৰ বিশেষ গাড়ী খন ৷ গাড়ীখনৰ ভিতৰতেই আছে আপোনাৰ গাড়ী পৰিস্কাৰ কৰিব পৰা উৎকৃষ্ট মানদণ্ডৰ গাড়ী ধোঁৱা সজুলি ৷ গাড়ী ধোৱাৰ পৰা অফিচ চেনিটাইজেনলৈ , সকলো সম্ভৱ এতিয়া মাথোঁ এটা ফোন কলত ৷

কৰ’নাৰ বিভীষিকাৰ মাজতেই যি সমযত একাংশই কৰ্ম সংস্থাপন নাপায় বা হেৰুৱাই দিক বিদিক হেৰুৱাইছে ,সেই একে সময়তে কিন্তু অৰূপৰ সপোনে আকাশ চুমিছে ৷ অৰূপৰ দৰে কৰ্মোদ্যমী যুবক হৈ পৰিছে হাজাৰ জনৰ বাবে প্ৰেৰৰ উৎস ৷