শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাৰতীয় বংশোদ্ভবৰ দপদপনি আমেৰিকাত

ভাৰতীয় বংশোদ্ভবৰ দপদপনি আমেৰিকাত

সৰ্বমুঠ ১৯ গৰাকী ভাৰতীয় মূলৰ ব্যক্তিয়ে স্থান পাইছে বিভিন্ন পদবীত

নিউয়ৰ্ক, ১ ডিচেম্বৰ– আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেন আৰু নৱ নির্বাচিত উপৰাষ্ট্ৰপতি কমলা হেৰিছে ভাৰতীয় বংশোদ্ভৱৰ মাজু ভাৰ্গিছক শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্ত কৰিছে। এই নিযুক্তিৰ পিছত  বিডেন আৰু হেৰিছৰ নতুন প্ৰশাসনত নিযুক্তি পোৱা পঞ্চম জন ভাৰতীয় বংশোদ্ভৱ  হিচাপে পৰিচিত  হ’ল মাজু ভাৰ্গিছ । সোমবাৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনে আন এগৰাকী ভাৰতীয় মুলৰ ব্যক্তি মীৰা টেণ্ডনক অফিচ মেনেজমেণ্ট আৰু বাজেটৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে।

উল্লেখযোগ্য যে বিিেডেন আৰু হেৰিছৰ যুটিক নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ভাৰ্গিছে যথেষ্ট সহায় কৰাৰ উপৰিও আমেৰিকাৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি গৰাকীৰ  মুখ্য উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰ্গিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দেশ জুৰি হাজাৰ হাজাৰ কৰ্মী তথা স্বেচ্ছাসেৱকক একত্ৰিত কৰি যথেষ্ট সক্ৰিয়তাৰে দায়িত্ব পালন কৰিছিল। তাৰোপৰি পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সময়তো তেওঁৰ বিশেষ সহায়ক আৰু উপসঞ্চালক হিচাপে তেওঁ কৰ্মৰত আছিল।

২০১৫ চনত ওবামাৰ ঐতিহাসিক ভাৰত ভ্ৰমণৰ সময়ত ভাৰ্গিছে ওবামাক সংগ দিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ৰাষ্ট্ৰপতিৰ প্ৰশাসন বিভাগত নিযুক্ত হৈছিল। ভাৰ্গিছৰ পৰিয়াল কেৰেলাৰ তিৰোভাল্লা জিলাৰ আৰু তেওঁ তাতে জন্ম গ্ৰহণ কৰিছিল।

পেছাগত ভাবে তেওঁ এজন অধিবক্তা ।

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ,উপৰাষ্ট্ৰপতিয়ে ২০২১ চনৰ ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিব আৰু ক’ভিড১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই শপত গ্ৰহণ অনুষ্ঠান কিছু ম্লান পৰিব বুলি আশা কৰা হৈছে। আনহাতে টনী এলেনক শপত গ্ৰহণ অনুষ্ঠানৰ মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ বাইডেনৰ গৃহ চহৰ দেলা’ৰিও বিশ্ববিদ্যালয়ৰ সভাপতি । আনহাতে, ওপৰোক্ত দুজন ভাৰতীয়ৰ উপৰিও আন সকল ভাৰতীয় মূলৰ ব্যক্তিও যেনে ছার্জন জেনেৰেল বিবেক মূৰ্তি ,শক্তি বিভাগৰ অৰুণ মজুমদাৰ আৰু ব্যক্তিগত মেনেজমেণ্ট বিভাগৰ কিৰণ আহুজাক ইতিমধ্যে নিযুক্তি দিয়া হৈছে ।

সৰ্বমুঠ ১৯ জন ভাৰতীয় বংশোদ্ভৱ আমেৰিকানক বিদেনৰ নতুন প্ৰশাসনৰ বিভিন্ন পদবীত নিযুক্ত দিয়া হৈছে। এই সকলৰ ভিতৰত অতুল গণ্ডৰে আৰু চেলাইন গাউণ্ডাক ক’ভিড১৯ টাক্স ফৰ্চৰ নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ (IANS)