বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সুকীয়া পতাকা,সংবিধান একো নহ’ব নগাৰ !

সুকীয়া পতাকা,সংবিধান একো নহ’ব নগাৰ !

নাগালেণ্ডৰ ৰাজ্যপালে স্পষ্ট কৈ ক’লে পৃথক সংবিধান আৰু পতাকা নহ’ব

ক’হিমা,১ ডিচেম্বৰ– এক দীৰ্ঘ সময় জুৰি উত্তপ্ত হৈ থকা নাগালেণ্ডৰ পৰিস্থিতি বিগত সময়চোৱাত এন এছ চি এন ৰ (আই এম) গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি চুক্তি হোৱাৰ পিছত কিছু শান্ত হব বুলি ভবা হৈছিল যদিও ৰাজ্যখনৰ বাবে পৃথক সংবিধান তথা পতাকাৰ বিষয়টোৱে আকৌ জটিলতাৰ সৃষ্টি কৰিছে। এতিয়া এই ক্ষেত্ৰত  ৰাজ্যখনৰ ৰাজ্যপাল আৰু পূৰ্বৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ৰাজ্যখনৰ বাবে সুকীয়া সংবিধান তথা পতাকাৰ দাবী  সম্পূৰ্ণভাবে নস্যাৎ কৰিছে। মঙলবাৰে ৫৮ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি ৰাজ্যপাল জনে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তথা সংবিধান ভাৰতৰ সকলো অংশৰ নাগৰিকৰ বাবে শৌৰ্য বীৰ্যৰ প্ৰতীক ৷ ভাৰত চৰকাৰে ইতিমধ্যে স্পষ্টভাৱে জনাই দিছে যে সমগ্ৰ ভাৰততে এখন সংবিধান আৰু এখন পতাকাই প্ৰযোজ্য হ’ব। এই ক্ষেত্ৰত কাৰো দ্বিমত থাকিব নোৱাৰিব আনহাতে এই সংক্ৰান্তত নাগা পিউপিলছ কনভেনশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি ইমো কিমব্লা আওৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে দেশৰ সাৰ্বভৌমত্ব তথা স্বাধীনতাৰ লগত কোনো আপোচ কৰা নহ’ব আৰু ভাৰত চৰকাৰে কেতিয়াও এখন দেশৰ বাবে দুখন পৃথক সংবিধান বা পতাকাৰ কথা উল্লেখ কৰা নাছিল। আনহাতে, এন এছ চি এন (আই এম)  গোটে  নাগালেণ্ডৰ বাবে এখন সুকীয়া পতাকা তথা সংবিধানৰ ক্ষেত্ৰত আকোঁৰগোজ হৈ থকা পৰিলক্ষিত হৈছে। এই বিবদমান বিষয় দুটাক বাদ দি নগাসকলৰ ৩১ টা দাবী কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা আলোচনাৰ পিছত সমাধান হৈছে।কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত বহা এন এছ চি এনৰ আই এমৰ গোটে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আলোচনা প্ৰক্ৰিয়াত চামিল হোৱাৰ বাবে দাবী উত্থাপন কৰিছে যাতে এই আলোচনা চুক্তি কৰাৰ বিষয় সমূহৰ অতি শীঘ্ৰেই সমাধান কৰিব পৰা যায়। তাৰোপৰি আগন্তুক দিনত এখন তৃতীয় দেশত এই চুক্তিৰ বিষয়ে আলোচনা কৰাৰ কথাটো এন এছ চি এন আই এমএ  প্ৰকাশ কৰিছে। নগালেণ্ডৰ ৰাজ্যপালৰ  এই মন্তব্যই আগন্তুক দিনত সামাজিক তথা পৰিবেশত জটিলতাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে এক অতি দীঘলীয়া সময়ৰ বাবে ৰাজ্যখনত উগ্ৰপন্থী সমস্যাৰ হেতু সকলো ধৰণৰ উন্নয়ন মূলক কাম স্থগিত হৈ পৰিছিল।বিশেষকৈ ১৯৮০ চনৰ পৰা ৰাজ্যখনৰ পৰিবেশ যথেষ্ট জটিল হৈ পৰিছিল। ৰাজ্যপালে ভাষণ প্ৰসংগত কয় যে এনে ধৰণৰ জটিলতাৰ মাজতো নাগালেণ্ড এনে এখন ৰাজ্য যি হিংসা হত্যাৰ পৰিবৰ্তে শান্তিৰ ৰাজনীতিক আঁকোৱালি ল’বলৈ আগবাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত কিছু  দুষ্ট চক্ৰই বাধাৰ সৃষ্টি কৰিলেও তেওঁলোক সফল নহ’ব বুলি তেওঁ সাৱধান বাণী শুনায় ৷ ৰাজ্যপালজনে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ভাৰত চৰকাৰে নগা সকলৰ বৈশিষ্ট্য কথা উপলব্ধি কৰিছে আৰু ভাৰতীয় সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদৰ অন্তৰ্গত এই কথা স্বীকৃতি দিছে। নগালেণ্ডৰ বাসিন্দাসকলৰ বাবে সংবিধানৰ বিভিন্ন স্বীকৃতি তথা নগা সকলৰ স্বকীয় বৈশিষ্ট্যতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। হিংসা হত্যাই কোনো ধৰণৰ  সমস্যাৰ সমাধান নকৰে বুলি  উল্লেখ কৰি তেওঁ ৰাজ্যবাসীক এখন শান্তিপূৰ্ণ ভাৰতৰ গৌৰৱপূৰ্ণ নাগৰিক হিচাপে আগন্তুক দিনসমূহত শান্তি প্ৰক্ৰিয়াক আঁকোৱালি ল’বলৈ আহ্বান জনায়। ( I ANS)