শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হোৱাটচ এপত মচগুল হোৱাৰহে কথা !

হোৱাটচ এপত মচগুল হোৱাৰহে কথা !

হোৱাটচ এপৰ নতুন সংযোজনে আহ্লাদিত কৰিব উপভোক্তাক

নতুন দিল্লী,১ ডিচেম্বৰ– হোৱাটচ এপ ,ফেচবুক আদি সামাজিক মাধ্যম সমূহ  আধুনিক যুগৰ মানৱ সমাজৰ  এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে ৷ ফেচবুক আৰু হোৱাটচ এপে  বিভিন্ন নতুন কৌশল তথা প্ৰযুক্তিৰে উপভোক্তা সকলক সদায়েই আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছে । মঙলবাৰে হোৱাটচ এপে এনে কিছুমান নতুন কৌশল  ঘোষণা কৰে। এই ঘোষণা সমূহৰ ভিতৰত ৱালপেপাৰক আৰু আকৰ্ষণীয় কৰা,ষ্টিকাৰৰ কাৰণে এটা নতুন চাৰ্চ ইঞ্জিনৰ সংযোজন আৰু আকৰ্ষণীয় এটা নতুন জীৱন্ত ষ্টিকাৰ পেক।হোৱাটচ এপৰ ৱাল পেপাৰ শিতানত চাৰিটা প্ৰধান সংযোজন দেখা যাব ৷ ইয়াৰ যোগেদি কথা বতৰা হোৱাৰ সময়ত বেক গ্ৰাউণ্ডৰ ৱালপেপাৰ যথেষ্ট আকৰ্ষণীয় কৰা হ’ব আৰু ইয়াৰ লগত লাইভ ৱালপেপাৰৰো সংযোগ কৰা হ’ব,ৱালপেপাৰৰ গেলেৰীত সংগৃৃৃৃহীত ছবিৰ সংখ্যা বৃদ্ধি হ’ব তথা উন্নত কৰা হ’ব। ইয়াৰ লগতে লাইট আৰু ডাৰ্ক ৱালপেপাৰ এজন উপভোক্তাই ইচ্ছানুসাৰে ব্যৱহাৰ কৰিব পাৰিব।কোম্পানীটোৱে এই সংক্ৰান্তত জাৰি কৰা বিজ্ঞপ্তিত কোৱা হয় যে  উপভোক্তাসকলে তেওঁলোকৰ কথোপকথন অধিক ব্যক্তিগত তথা আকৰ্ষণীয় কৰিবলৈ নতুনকৈ সংযোজিত হোৱা সুবিধা সমূহ গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে হোৱাটচ এপৰ সমগ্ৰ পৃথিৱীতে প্ৰায় দুই বিলিয়ন বা ২০০ কোটি উপভোক্তা আছে। সমগ্ৰ পৃথিৱীৰ উপভোক্তাৰ বিভিন্ন ধৰণৰ আশা আকাংক্ষাৰ প্ৰতিফলন কৰিবলৈ প্ৰতিষ্ঠানটোৱে কিছুমান ভিন্ন ৱাল পেপাৰ সংযোজন কৰিছে য’ত প্ৰকৃতি আৰু বিভিন্ন ধৰণৰ আকৰ্ষণীয় স্থাপত্য কলাৰ চিত্ৰ থাকিব। তাৰোপৰি ইয়াত উপভোক্তা সকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কিছুমান কাৰিকৰী কৌশলো থাকিব। এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে যে উপভোক্তা সকলৰ মাজত অতিকৈ জনপ্ৰিয় ইম’জি বা ষ্টিকাৰৰ সৈতে অতিৰিক্ত কিছুমান প্ৰযুক্তি সংযোজন কৰা হৈছে আৰু এই ষ্টিকাৰ সমূহ এতিয়া এনিমেটেড বা লাইভ হিচাপে  আহিব। এই জীৱন্ত ষ্টিকাৰ সমূহ ‘টুগেদাৰ এট হোম’ পেক হিচাপে প্ৰতিষ্ঠানটোৱে এতিয়া বিভিন্ন ভাষা যেনে আৰবী,ফৰাছী, জাৰ্মান,ইটালী,ৰাছিয়ান, স্পেনিছ আৰু তুৰ্কী ভাষাত মুকলি কৰি দিছে।