বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / আমেৰিকানকো ৰাম ঠগন

আমেৰিকানকো ৰাম ঠগন

আমেৰিকানক ঠগা ভুৱা কলচেণ্টাৰ উৎখাত

গুৰগাঁও, ২ ডিচেম্বৰ — গুৰগাঁৱৰ ছেক্টৰ ২৮ ত এটা ভুৱা কল চেণ্টাৰ উৎখাত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আমেৰিকাৰ নাগৰিক সকলক প্ৰতাৰণা কৰি  চলাই অহা এই ভুৱা কলচেণ্টাৰ উৎখাত কৰে।

উল্লেখযোগ্য যে এই কল চেণ্টাৰত অভিযুক্ত লোক সকলে আমেৰিকাৰ প্ৰত্যেকজন গ্ৰাহকৰ পৰা ১০০ – ৫০০ ডলাৰ পৰ্যন্ত মাছুল লৈ তেওঁলোকৰ ছ’চিয়েল ছিকিউৰিটি নম্বৰ(SCN) সমন্ধীয় সমস্যাৰ সমাধান কৰাৰ আশ্বাসেৰে এই কাৰ্য চলাই আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে ৯ নম্বৰৰ ছ’চিয়েল ছিকিউৰিটি নম্বৰ সকলো নাগৰিকক প্ৰদান কৰে আৰু এই সংখ্যাৰ যোগেদি চৰকাৰে এজন নাগৰিকৰ জীৱনৰ সকলো উপাৰ্জন আৰু কিমান বছৰ তেওঁ কৰ্মৰত আছিল সকলো তথ্য জমা ৰাখে।

গুৰগাৱঁৰ এই ভুৱা কল চেণ্টাৰত অভিযুক্ত সকলে নিজকে আমেৰিকাৰ SCN বিভাগৰ কৰ্মচাৰী  বুলি  চিনাকি দিছিল। ছেক্টৰ ২৮ ৰ প্লট নম্বৰ ৫৫৮ ত এটা ঘৰ ভাড়া কৰি যোৱা দুমাহত এই কাম চলাই অহা হৈছিল। তালাচীৰ সময়ত দুজন ব্যক্তি আৰু ৭ খন হাৰ্ড ডিস্ক উদ্ধাৰ কৰা হয়।

গ্ৰেপ্তাৰ কৰা ব্যক্তি দুগৰাকী  অনুৰাগ ত্যাগী আৰু কৃতী কুমাৰ কেশৱ বুলি জানিব পৰা গৈছে। তেওঁলোক দুজনেই হাৰিয়ানাৰ জিন্দ জিলাৰ বাসিন্দা। অৱশ্যে কল চেণ্টাৰটোৰ মালিক লখিন্দৰ তালাচী অভিযানৰ সময়ত পলাবলৈ সক্ষম হয় আৰু তেওঁ আহমেদাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

তালাচীৰ সময়ত আৰক্ষীয়ে ৪ গৰাকী মহিলা আৰু ২২ জন পুৰুষক সোধা-পোছাৰ বাবে আটক কৰিছিল। তেওঁলোকে আমেৰিকাৰ নাগৰিক সকলৰ লগত কলচেণ্টাৰৰ যোগেৰে কথা বতৰা চলাই আছিল। কিন্তু সোধা পোছাৰ পিছত আৰক্ষীয়ে এই লোকসকলক নিৰ্দোষী বুলি জানিব পাৰি মুক্ত কৰি দিয়ে।

এই অভিযানত নেতৃত্ব দিয়া এ চি পি ইন্দ্ৰজিতে সাংবাদিকক জনাই যে আমেৰিকাৰ নাগৰিক সকলক প্ৰতাৰণা কৰা বুলি তেওঁলোকৰ ওচৰত এটা অভিযোগ দাখিল হৈছিল আৰু সেই অভিযোগৰ ভিত্তিত তালাচী চলাই  এই ভুৱা কল চেণ্টাৰটো উৎখ্যাত কৰা হৈছে। তেওঁলোকৰ টেলিকম বিভাগৰ পৰাও কোনো ধৰণৰ বিভাগীয় নথি পত্ৰ নাছিল বুলি পুলিচ বিষয়াজনে সাংবাদিকক জানিবলৈ দিয়ে।

তালাচী চলোৱাৰ সময়ত অভিযুক্ত ব্যক্তি সকলে স্বীকাৰ কৰে যে তেওঁলোকে  আমেৰিকাৰ নাগৰিক সকলৰ SCNৰ বিভিন্ন সমস্যাৰ সমাধানৰ হেতুকে এই কল চেণ্টাৰ খুলিছিল আৰু তেওঁলোকে প্ৰত্যেকজন গ্ৰাহকৰ পৰা ১০০ -৫০০ ডলাৰ পৰ্যন্ত মাচুল লৈছিল।

ইতিমধ্যে ইণ্ডিয়ান পেনেল ক’ডৰ আৰু আই টি এক্টৰ বিভিন্ন ধাৰাত  অভিযুক্ত ব্যক্তি সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। (IANS)