দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Sports  / Cricket  / টি ২০ ত ভাৰত তৃতীয়

টি ২০ ত ভাৰত তৃতীয়

টি ২০ ৰ শীৰ্ষত ইংলেণ্ড,ভাৰত তৃতীয় স্থানত

কেপ টাউন,২ ডিচেম্বৰ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত ইংলেণ্ড দল T20 ক্ৰিকেটৰ শীৰ্ষ স্থানত উপনীত হৈছে৷ইংলেণ্ড দলে দক্ষিণ আফ্ৰিকা দলক ৯ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে আৰু শৃংখলা জয় কৰে ৷

ইংলেণ্ড দলৰ হৈ ডেভিদ মালানে ৯৯ ৰাণ আৰু জচ বাটলাৰে ৬৭ ৰাণ সংগ্ৰহ কৰি ১৯২ ৰাণৰ লক্ষ্য অতি সহজে অতিক্ৰম কৰে ৷ ইংলেণ্ড দলে ৩-০ ব্যৱধানত শৃংখলা দখল কৰে ৷

আনহাতে, ভাৰত উক্ত তালিকাৰ ৩ নং স্থানত উপনীত হৈছে ৷ বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দল এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয় স্থানত আছে আৰু টেষ্টত তৃতীয় স্থানত আছে৷টি ২০ ৰ তালিকাত ভাৰতৰে পিছত পাকিস্তান,দক্ষিণ আফ্ৰিকা তথা নিউজিলেণ্ড আছে ৷

ব্যক্তিগত খেলুৱৈ শিতানত মালান টি২০ৰ শীৰ্ষ বেটছমেন আৰু বাবৰ আজাম দ্বিতীয় স্থানত আছে৷বলাৰৰ শিতানত ৰছিদ খান শীৰ্ষত আছে ৷  (IANS)