বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘পুৰণি’ক নতুন কৰিব নিবিচাৰে গোৱাবাসীয়ে

‘পুৰণি’ক নতুন কৰিব নিবিচাৰে গোৱাবাসীয়ে

ঐতিহাসিক গীৰ্জাৰ সালসলনি নিবিচাৰে গোৱাৰ বাসিন্দাই

পানাজী,২ ডিচেম্বৰ – গোৱা চৰকাৰে কিছুদিন আগতে ১৭ শতিকাত প্ৰতিষ্ঠা কৰা ঐতিহ্যপূৰ্ণ ‘অল্ড গোৱা চাৰ্চ কম্প্লেক্স’ক নতুনকৈ প্ৰবৰ্তন কৰা ‘আৰ্বাণ প্লেনিং অথৰিটি’ৰ অন্তৰ্ভুক্ত কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

পানাজীৰ কাষৰীয়া ইলা ভিল গাঁৱৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন তথা ঐতিহাসিক গীৰ্জাবোৰক গোৱাৰ নতুন নগৰ নীতিত অন্তৰ্ভুক্ত কৰাত এক বৃহৎ প্ৰতিবাদৰ সৃষ্টি হৈছিল ।উল্লেখযোগ্য যে ইলা গাৱঁতেই ইউনেস্কৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ হিচাপে ঘোষণা কৰা প্ৰখ্যাত ‘অল্ড গোৱা গীৰ্জা ‘ঘৰটো অৱস্থিত আৰু এই প্ৰখ্যাত গীৰ্জা ঘৰ গোৱাৰ এজন  খ্ৰীষ্ট ধর্মৰ মনীষী ছেইণ্ট ফ্ৰাঞ্চেছ জেভিয়াৰৰ নামত উৎসৰ্গিত ৷

এই সংক্ৰান্তত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা নগৰ পৰিকল্পনাৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰকান্ত কেভেলকাৰে বুধবাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ বাসিন্দাসকলে আৰু ধৰ্মীয় গুৰুসকলে এই সংক্ৰান্তত মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হয় আৰু এই আলোচনাত এই ঐতিহাসিক গীৰ্জা ঘৰটোৰ ঐতিহ্যৰ প্ৰতি সন্মান জনাই নতুনকৈ প্ৰৱৰ্তন কৰা নগৰ উন্নয়ন নীতি বাতিল কৰা হৈছে।

গোৱাৰ সকলো বিৰোধী পক্ষ যেনে কংগ্ৰেছ,আম আদমী পাৰ্টি ,গোৱা ফৰৱাৰ্ড দলে ৰাজ্য চৰকাৰৰ উক্ত নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল। আনহাতে, শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিৰ কিছু সংখ্যক বিধায়কেও মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকৰ বিৰোধিতাৰ বিষয়ে জনাইছিল।

গোৱা ফৰৱাৰ্ড পাৰ্টিৰ নেতা আৰু পূৰ্বৰ উপমুখমন্ত্ৰী বিজয় চৰদেশাইয়ে পেৰিছত অবস্থিত ইউনেস্ক’ৰ সঞ্চালক মেটছিল ৰ’জলাৰক এক পত্ৰ যোগে আন্তৰ্জাতিক পৰ্যায়ৰ পৰা এই বিষয়টো লৈ গোৱা চৰকাৰক হেঁচা দিবলৈ আহ্বান জনাইছিল।

উল্লেখযোগ্য যে ‘অল্ড গোৱা চাৰ্চ কম্প্লেক্স’ সোতৰ শতিকাতে নিৰ্মাণ কৰা হৈছিল আৰু প্ৰত্যেক বছৰে পানাজীৰ পৰা ১০কিলোমিটাৰ দূৰত্বত অৱস্থিত গীৰ্জাটোলৈ  কেইবাহাজাৰ লোকৰ আগমন হয়। উল্লেখযোগ্য যে ১৫ শতিকাত মৃত্যু বৰণ কৰা স্পেইনৰ এগৰাকী সন্ত ফাদাৰ ফ্ৰেন্সিচ জেভিয়াৰৰ দেহৰ কিছু অংশও এই গীৰ্জা ঘৰটোত সংৰক্ষণ কৰি ৰখা হৈছে। (IANS)