মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মেক ইন ইণ্ডিয়া,মেক ফৰ দ্যা ৱৰ্ল্ড

মেক ইন ইণ্ডিয়া,মেক ফৰ দ্যা ৱৰ্ল্ড

গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান নিছানৰ নতুন লক্ষ্য

 ডিচেম্বৰ২:গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান নিছানে কোম্পানীটোৰ নতুন মডেল'নিছান মেগনাইট'ৰ বিশেষ ৰেহাই মূল্য ঘোষণা কৰিছে ৷ নতুনকৈ বজাৰত উপলব্ধ হোৱা এই গাড়ীৰ মূল্য ৪ লাখ ৯৯ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে ৷ গাড়ীখনৰ এই নতুন মডেলৰ ক্ষেত্ৰত দিয়া ৰেহাই ৩১ ডিচেম্বৰলৈ প্ৰযোজ্য থাকিব ৷ আজিৰপৰা কোম্পানীটোৱে সমগ্ৰ দেশৰ শ্ব’ৰূম সমূহত ইয়াৰ বুকিং আৰম্ভ কৰিছে৷"এই মডেলটোৰ পিছৰ পৰ্যায়ত আন্তৰাষ্ট্ৰীয় আৰু ভাৰতীয় বজাৰৰ গ্ৰাহকৰ বাবে 'নিছান নেক্সট' মডেল বজাৰত মুকলি কৰিব আমাৰ প্ৰতিষ্ঠানে"-এনেদৰে মন্তব্য কৰে নিছান মটৰ ইণ্ডিয়াৰ অধ্যক্ষ ছিনান অ’জকে৷'মেক ইন ইণ্ডিয়া,মেক ফৰ দ্যা ৱৰ্ল্ড' শ্লোগানক সৰোগত কৰি এই প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা বুুুলি উল্লেখ কৰি কোম্পানীটোৰ অধ্যক্ষ গৰাকীয়ে কয়"মেগনাইটে অতি কম মূল্যত গ্ৰাহকক অধিক সুবিধা প্ৰদান কৰিব ৷ আন্তৰাষ্ট্ৰীয় বজাৰত যাতে এক মানদণ্ড ৰক্ষা কৰি ই বিশ্বৰ গাড়ী নিৰ্মাণ কোম্পানীৰ সমমূল্যৰ গাড়ী সমূহৰ লগত ফেৰ মাৰিব পাৰে তাৰ বাবেই ইয়াত সকলো ব্যৱস্থা কৰা হৈছে ৷"
সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ইয়াত এক ভাৰ্চুৱেল টেষ্ট ড্ৰাইভৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে আৰু এই ভাৰ্চুৱেল ড্ৰাইভৰ জৰিয়তে ভাৰ্চুৱেল চেলচ এক্সিকিউটিভৰ যোগেদি এছইউভি চলোৱাৰ আমেজ ল’ব পাৰিব যিকোনো গ্ৰাহকে ৷