বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মৰ্মান্তিক ! ৫ জন ছাত্ৰৰ মৃত্যু

মৰ্মান্তিক ! ৫ জন ছাত্ৰৰ মৃত্যু

ট্ৰাক আৰু এল্ট’ৰ মুখামুখি সংঘৰ্ষত একেলগে পাঁচজন ছাত্ৰৰ মৃত্যু

শিলচৰ,২ডিচেম্বৰ : আজি কাছাৰ জিলাৰ কালাইন অঞ্চলত সংঘটিত এক ভয়ানক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে পাঁচ জন ছাত্ৰই ৷ মেঘালয় অসম ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ কাছাৰ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ ছাত্ৰ কেইজনে  মহাবিদ্যালয়ৰ পৰা উভতাৰ পথত এখন ট্ৰাকৰ লগত তেওঁলোক উঠি যোৱা এল্ট’খন খুন্দা মৰাৰ ফলত উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷

এল্টখনত মুঠ ৬ জন ছাত্ৰ আছিল আৰু তাৰে ৫ গৰাকী ছাত্ৰই উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৷ গুৰুতৰভাৱে আহত ছাত্ৰজনক ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে যদিও ছাত্ৰজনৰ অৱস্থা সংকটজনক ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উক্ত স্থানত স্থানীয় জনসাধাৰণে পথ অৱৰোধ কৰিছে আৰু অসম মেঘালয় ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযঁটৰ সৃষ্টি হৈছে ৷ (IANS)