মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ২৫ এপ্ৰিলত হ’ব অস্কাৰ বটা প্ৰদান অনুষ্ঠান

২৫ এপ্ৰিলত হ’ব অস্কাৰ বটা প্ৰদান অনুষ্ঠান

সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পৰিল,অনুষ্ঠানৰ দিন ঘোষণা

 ডিচেম্বৰ২:চলিত বৰ্ষৰ অস্কাৰ বটা প্ৰদান অনুষ্ঠান ২০২১ চনৰ ২৫ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷ অস্কাৰ বটা প্ৰদান অনুষ্ঠানটো এইবাৰ ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰ্চুৱেলি হ’ব বুলি চলচ্চিত্ৰপ্ৰেমী সকলৰ মাজত চিন্তা চৰ্চা চলি আছিল আৰু তাৰ মাজতেই অকাডেমী বটাৰ কৰ্তৃপক্ষৰ তৰফৰপৰা এই বটা প্ৰদান অনুষ্ঠানৰ দিন ঘোষণা কৰাা বিষয়টোৱে বিনোদন জগতৰ লগত জড়িত সকলোকে সুখী কৰি তুলিছে ৷ অকাডেমী কৰ্তৃপক্ষই
অস্কাৰৰ দিন পিছুৱাই দিয়াৰ ফলত এতিয়া বহুত নতুন চলচ্চিত্ৰয়ো অংশ ল’ব পাৰিব বুলি সাংস্কৃতিক মহলে আশা প্ৰকাশ কৰিছে ৷ অকাডেমীৰ তৰফৰপৰা প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ দৰেই পৰম্পৰাগতভাৱেই এই অনুষ্ঠানৰ আয়োজন কৰাৰ সিন্ধান্ত লোৱা হৈছে ৷ উল্লেখযোগ্য যে লছ এঞ্জেলচৰ ডলবী থিয়েটাৰত প্ৰতি বছৰে এই অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৯৩ সংখ্যক এই বটা প্ৰদান অনুষ্ঠানত ভাৰতৰ মালয়ালম চলচ্চিত্ৰ 'জালীকাট্টু’য়ে আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ ভাৰতীয় শাখাত অৰ্থাৎ অন্যান্য ভাষাৰ শাখাত অন্তৰ্ভুক্ত হৈছে ৷ ৯৩ সংখ্যক অস্কাৰ অকাডেমী বটাৰ নমিনেশ্যন লাভ কৰা চলচ্চিত্ৰৰ তালিকা ১৫ মাৰ্চত ঘোষণা কৰা হ’ব ৷