সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গুগল’ৰ চোৰাংচোৱাগিৰী !

গুগল’ৰ চোৰাংচোৱাগিৰী !

যুক্তৰাষ্ট্ৰৰ ন্যায়ব্যৱস্থাই জবাবদিহি কৰিছে গুগল’ক

ছানফ্ৰান্সিস্ক’,৩ ডিচেম্বৰ-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে গুগল প্ৰতিষ্ঠানৰ বিৰুদ্ধে এক গুৰতৰ অভিযোগ উথাপন কৰিছে ৷ বিভাগটোৰ মতে প্ৰতিষ্ঠানটোৱে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বৈষম্যমূলক আচৰণৰ বিৰোধিতা কৰা কৰ্মচাৰী সকলৰ ওপৰত চোৰাংচোৱাগিৰী কৰিছিল আৰু তাৰ পিছতহে তেওঁলোকক বৰ্খাস্ত কৰিছিল ৷ যদিও কৰ্মক্ষেত্ৰত বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যথেষ্ট সংখ্যক কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছিল, দুগৰাকী কৰ্মচাৰী ক্ৰমে ল’ৰেন্স বাৰলেণ্ড আৰু কেথৰিন স্পীয়েৰৰ ২০১৯ চনৰ বৰ্খাস্তকৰণৰ ক্ষেত্ৰত আমেৰিকা যুক্টৰাষ্ট্ৰৰ শ্ৰমিক আইন ভঙ্গ কৰা হৈছিল বুলি ন্যায় বিভাগে অভিযোগ কৰিছে ৷ এই দুগৰাকী কৰ্মচাৰীয়ে গুগল কৰ্তৃপক্ষৰ দ্বাৰা এক বিশেষ কনচাল্টেন্সীক কামত নিয়োজিত কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল ৷ আনহাতে গুগল কৰ্তৃপক্ষই কৰ্মচাৰী স্পীয়েৰে প্ৰতিষ্ঠানৰ গোপনীয়তা ভঙ্গ কৰিছিল বুলি অভিহিত কৰিছিল ৷ প্ৰতিষ্ঠানটোৱে আগন্তুক দিনত আমেৰিকা যুক্টৰাষ্ট্ৰৰ ন্যায় বিভাগক এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ ওপৰিও কৰ্মচাৰীসকলৰ বৰ্খাস্তকৰণ সম্পৰ্কীয় সকলো নথিপত্ৰ জমা দিব বুলি উল্লেখ কৰে ৷ উল্লেখযোগ্য যে ২০১৯বৰ্ষৰ নৱেম্বৰ মাহত প্ৰায় ২০,০০০ কৰ্মচাৰীয়ে গুগল প্ৰতিষ্ঠানত সন্মুখীন হোৱা বিভিন্ন বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰোপৰি কিছু সংখ্যক কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰী কৰাৰ অভিযোগ উথাপন কৰিছিল ৷