বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / ছিক্কিমৰ পৰ্যটনত সৌৰভে বিলাইছে ‘সৌৰভ’

ছিক্কিমৰ পৰ্যটনত সৌৰভে বিলাইছে ‘সৌৰভ’

মনৰ 'ধনী 'হোৱা বাবেই ছিক্কিমতো সফল হৈছে অসমৰ যুৱক৷লিখিছে পাৰ্থপ্ৰতীম হাজৰিকাই

গুৱাহাটী,৩ডিচেম্বৰ:অসমীয়া ল’ৰাই কেবল চৰকাৰী চাকৰিহে বিচাৰে ,ব্যৱসায় কৰিবলৈ অপাৰগ ৷ এই ধাৰণা সচৰাচৰ সকলোৰে মনত থাকে বা আছে ৷ ধাৰণাটো ভ্ৰান্ত বুলি কিন্তু সময়ে সময়ে প্ৰমাণ কৰি আহিছে কিছু উদ্যমী অসমীয়া যুবকেই ৷ এনে বহু উদ্যমী অসমীয়াই দেশে বিদেশে বিভিন্ন ব্যৱসায় বাণিজ্য কৰি সফলতাৰ জখলাৰে বাট বুলিছে আৰু সেই সকল অসমীয়াক লৈ আমি গৌৰৱান্বিত ৷ তেনে এজন অসমীয়াৰ কথাকে আজি লিখিব বিচৰা হৈছে ৷

ল’ৰাজনৰ নাম সৌৰভ হাজৰিকা ৷দেৰগাঁৱৰ সৌৰভৰ ,গেংটকত থকা বাহৰ ৰিৰ্টেডত আপুনি বাহৰ পাতি ভ্ৰমণ কৰিব পাৰিব সম্পূৰ্ণ ছিক্কিম ৷দেশী বিদেশী পৰ্যটকক দীৰ্ঘ সময় ধৰি সৌৰভে আগবঢ়াই আহিছে ব্যৱসায়ৰ মাধ্যমৰে সেৱা ৷ অসমৰ পৰা যোৱা পৰ্যটক সকলৰ বাবে সৌৰভে আগবঢ়াই বিশেষ ৰেহাই ৷ সৌৰভ এতিয়া ছিক্কিমৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৷

“ব্যৱসায় কৰিম বুলি বিশেষ পৰিকল্পনা নাছিল মোৰ ৷ কিছু বছৰৰ আগত মই গেংটকত অভিযন্তা হিচাপে এটা অস্থায়ী চৰকাৰী চাকৰিত মকৰল হৈ আছিলো ৷ অফিচত কেবল নেপালী,হিন্দী,ইংৰাজীত কথা বাৰ্তা চলিছিল ৷ আবেলি এম জি মাৰ্টত খোজ কাঢ়িবলৈ আহিলে অসমীয়া পৰ্যটক সকলক দেখি কথা পাতি গম পাইছিলোঁ ,হোটেল আৰু পৰ্যটন থলী সমূহক লৈ তেওঁলোক প্ৰায়েই দোমোজাত পৰে ৷ সেয়েহে প্ৰথম অৱস্থাত সহায় কৰাৰ মানসেৰে দুই চাৰিজন পৰ্যটকক ঘূৰাৰ বাবে গাড়ী বন্দোৱস্ত কৰি দিয়াৰ লগতে সুন্দৰ পৰ্যটন স্থলী সমূহৰ সম্ভেদ দিছিলোঁ ৷ “অসমৰ পৰা অহা প্ৰকৃতিক ভাল পোৱা মানুহবোৰক দেখি তেওঁৰ পৰ্যটন ব্যৱসায়ৰ লগত জড়িত হোৱাৰ কথা মনলৈ আহিল ৷

প্ৰথম অৱস্থাত কেবল কেইজন মান টেক্সিচালক আৰু এখন চিনাকি হোটেলৰ সহায়তহে তেওঁ ক্ষুদ্ৰকৈ ব্যৱসায় আৰম্ভ কৰিছিল ৷ কিন্তু লাহে লাহে তেওঁ উপলব্ধি কৰিলে যে ছিক্কিম ফুৰিবৰ বাবে  কোনোবা আহিব খুজিলে বহুতে তেওঁকেই যোগাযোগ কৰা হ’ল ,সেয়েহে সহাঁৰি পাই ২০১৮ চনৰ মাজ ভাগত  নিজাববীয়াকৈ ‘বাহাৰ ৰিট্ৰিট’ খন দুবছৰৰ আগত লীজত ল’লে তেওঁ ৷ এতিয়া তেওঁ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সিন্ধান্ত লৈছে ৷ সেয়ে জন্মস্থান দেৰগাঁৱত এটা শাখা খোলাৰ লগতে তথ্য কেন্দ্ৰ খোলাৰ কথা ভাবিছে ৷

কৰ’নাৰ বাবে তেওঁৰ এইবাৰ ব্যৱসায় বৰ ভাল  হোৱা নাই ৷ তথাপিও শেহতীয়াকৈ ব্যৱসায়িক কাম কাজবোৰ আৰম্ভ হৈছে ৷ তেওঁ তেওঁৰ লগতে কেইবাটাও পৰিয়ালক তেওঁৰ এই ব্যৱসায়ৰ লগত জড়িত কৰাই সংস্থাপনৰ বাট মুকলি কৰি দিছে ৷ তেওঁ এই ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ আৰু বহুত আঁচনি আছে ৷ কেৱল ছিক্কিমতেই নহয়,সৌৰভে দাৰ্জিলিং,মানালিলৈয়ো পৰ্যটকক নি, থকা খোৱাৰ সুবন্দৱস্ত কৰি দিয়ে ৷