দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Business  / নেতাই ‘ নমতা’ৰ বাবেই হয়তো ‘নিমাতী’ এদিন জাহ যাব…

নেতাই ‘ নমতা’ৰ বাবেই হয়তো ‘নিমাতী’ এদিন জাহ যাব…

'নয়া মাটি'ৰ ঘাটেই হৈছিলগৈ 'নিমাতীঘাট'৷কিন্তুু এই যোৰহাট তথা মাজুলীবাসীৰ জীৱনৰেখা নিমাতীঘাট আজি নিশ্চিহ্ন হোৱাৰ পথত৷ লিখিছে অমৰজ্যোতি বৰাই

যোৰহাট ৩ ডিচেম্বৰ:যোৰহাটৰএটা সদাব্যস্ত ফেৰিঘাট হ’ল  নিমাতীঘাট। যোৰহাট মাজুলীৰ একমাত্ৰ সংযোগস্থল নিমাতী ঘাটেৰে দৈনিক সহস্ৰাধিক যাত্ৰীক বুকুত কঢ়িয়াই প্ৰায় শতাধিক ফেৰী চলে। কাৰ্যালয়-কাছাৰী ,শিক্ষা আৰু চিকিৎসাৰ কাৰণে মাজুলীৰ পৰা দৈনিক সহস্ৰাধিক লোক এই নিমাতী ঘাটেৰে যোৰহাটলৈ আহে ,যোৰহাটৰ পৰাও শতাধিক লোক জীৱন আৰু জীৱিকাৰ স্বাৰ্থত এই ঘাটেৰে দৈনিক মাজুলীৰ কমলাবাৰী,অফলামুখ,আউনীআটী আদিলৈ যাব লগা হয়। ইয়াৰোপৰি এই ঘাটেৰেই পাৰ হয় পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা শত সহস্ৰ দেশী বিদেশী পৰ্যটক। এই নিমাতীঘাটেই স্থানীয় সহস্ৰ যুৱকক জীৱন যাপনৰ পথ মোকলাই দিছে । কিন্তু অজস্ৰ সম্ভাৱনাৰে পুষ্ট নিমাতীঘাটৰ মাটি ব্ৰহ্মপুত্ৰৰ খহনীয়াই বছৰি সংকুচিত কৰি আনিছে ,বাৰিষা প্ৰতি বছৰে  চপৰা চপৰে খহি ব্ৰহ্মপুত্ৰত জাহ যায় নিমাতীঘাটৰ মাটি । তথাপিও অসম চৰকাৰৰ জলসম্পদ বিভাগে এই ব্যস্ত ঘাটটোৰ সংৰক্ষণৰ কাৰণে কোনো ধৰণৰ চিৰস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

নিমাতীঘাটৰ ইতিহাস : –

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তাহানিৰ ককিলামুখ জাহাজ ঘাটেদি যুদ্ধৰ বিভিন্ন সামগ্ৰী যেনে বন্দুক বাৰুদ,ৰচদ-পাতি আদি কঢ়িয়াইছিল। কিন্তু সময়ত এই ঘাটটো তৰাং হৈ পৰাত জাহাজ চলাচলত সমস্যাই দেখা দিলে ফলত ককিলামুখ জাহাজ ঘাটৰ ঠিক ওচৰতে মাটিৰে বন্ধাই এক নতুন ঘাট নিৰ্মাণ কৰিলে। এইদৰে নতুনকৈ মাটি দি ঘাট বনোৱাৰ কাৰনে বিহাৰী শ্ৰমিকসকলে ইয়াক ‘ নয়া মাটিৰ ঘাট ‘ হিচাপে অভিহিত কৰিছিল ,পিছলৈ সিয়েই ‘ নয়ামাটি ‘ ‘নিয়ামাটি ‘ আৰু শেষত নিমাতী ঘাট হয়গৈ। আৰু তেতিয়াৰ পৰাই এই নিমাতী ঘাটেই যোৰহাট আৰু মাজুলীক সংযোগ কৰি আহিছে ।

নিমাতীঘাটৰ গৰাখহনীয়া :

ব্ৰহ্মপুত্ৰৰ খহনীয়া নতুন কথা নহয় । ভূ-বিজ্ঞানী সকলে মতপোষণ কৰে যে ১৯৫০ চনৰ অসমৰ বৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতা যথেষ্ট হ্ৰাস হোৱা কাৰণে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তীব্ৰতা বৃদ্ধি পায় । এই খহনীয়াৰ প্ৰকোপত নিমাতীঘাটৰ প্ৰায় কেইবা শ মিটাৰ মাটি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে । ২০১৭ চনত নিমাতীঘাটলৈ যোৱা একমাত্ৰ পকী পথচোৱা খহনীয়াই সম্পূৰ্ণ ৰূপে ধ্বংস কৰে। যোৱা বছৰ বাৰিষাতো ইয়াৰ কেইবাশ মিটাৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে , যাৰ পৰিপ্ৰেক্ষিতত নিমাতী ঘাট ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে ৷

নিমাতীঘাটৰ লগত দুখন জিলাৰ যাতায়ত ব্যৱস্থা জড়িত হৈ আছে ,ইয়াৰ লগত জড়িত হৈ আছে সহস্ৰাধিক লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰশ্ন । কিন্তু বছৰি হোৱা গৰা খহনীয়াই নিমাতীঘাটৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় ব্যৱসায়ী নিমাতীঘাট – কমলাবাৰী ফেৰীৰ স্বত্তাধিকাৰী ৰঞ্জিত শইকীয়াই কয় ” নিমাতীঘাটৰ লগত আমাৰ আৱেগ জড়িত হৈ আছে , জীৱনৰ আধা বয়স এই ঘাটতে কটালোঁ , তেতিয়াৰ পৰাই দেখি আহিছো বাৰিষা ব্ৰহ্মপুত্ৰই কেনেদৰে চপৰা চপৰে ইয়াৰ মাটি খহাই আহিছে। সকলোৱে দেখি আহিছে , আমি ইয়াৰ ব্যৱসায়ী সন্থায়ো এই সম্পৰ্কত কৰ্তৃপক্ষৰ লগত কেইবাবাৰো আলোচনাত বহিছে, আবেদন নিবেদন কৰিছোঁ কিন্তু ইয়াৰ এক স্থায়ী সমাধান আজিও নোলাল ৷ “ব্ৰহ্মপুত্ৰৰ মাজলৈ আঙুলিয়াই শইকীয়াই কয় “তাহানিৰ ঘাট তাত আছিল এতিয়া ব্ৰহ্মপুত্ৰ ৰ মাজ পালেহি সেই ঘাট । যেতিয়াই ইয়াৰ এচপৰা মাটি খহা দেখো বুকুত বিষ অনুভৱ কৰোঁ । ‘

নিমাতীঘাটৰ হোটেল ব্যৱসায়ৰ লগত জড়িত ব্যক্তি অৰুণ ফুকনে ক্ষোভেৰে কয় ” নিমাতীঘাটৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ , ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাৰণে ই এটা সোণৰ কণী পৰা হাঁহ । স্থায়ী সমাধানে সিহঁতৰ সান্দহ খোৱা বালি তল নিয়াব । বালিৰ বস্তা আৰু জিঅ’ বেগেৰে নিমাতীঘাটৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে৷” ২০১৭ চনতে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিমাতীবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অতি সোনকালে নিমাতীঘাটৰ এই খহনীয়া ৰোধৰ উপযুক্ত আৰু বিজ্ঞানসন্মত ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব , কিন্তু সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল নিমাতীঘাটৰ গৰাখহনীয়া ৰোধ আজিও নহ’ল !