সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / ‘মহাশয়’ অৰ্থাৎ ‘দাদাজী’ আৰু নাই

‘মহাশয়’ অৰ্থাৎ ‘দাদাজী’ আৰু নাই

এমডিএইছৰ মুখ্য কাৰ্যবাহী গুলেটী নিজেই আছিল কোম্পানীৰ বিজ্ঞাপনৰো 'মডেল'

নতুন দিল্লী,৩ডিচেম্বৰ: এমডিএইছ মচলা ব্ৰেণ্ডৰ প্ৰতিষ্ঠাতা মহাশয় ধৰমপাল গুলেটীয়ে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত দিল্লীৰ এখন চিকিৎসালয়ত আজি মৃত্যুক সাৱটি লয় ৷ ধৰমপাল গুলেটীৰ জন্ম হৈছিল অবিভক্ত ভাৰতৰ শিয়ালকোটত ১৯২৩ চনত ৷

পঢ়াশুনাৰ প্ৰতি বিশেষ আগ্ৰহ নথকাৰ বাবেই তেওঁ খুব কম বয়সতেই বিদ্যালয়ৰ শিক্ষা ত্যাগ কৰি দেউতাকৰ মছলা ব্যৱসায়ত সহায়ক হিচাপে কাম কৰা আৰম্ভ কৰিছিল ৷ দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়ালৰ মছলা ব্যৱসায়ৰ অৱস্থা শোচনীয় হৈ পৰিছিল আৰু তেওঁলোকৰ গোটেই পৰিয়ালটোৱেই অমৃতসৰৰ শিবিৰত দিন কটাবলগীয়া হৈছিল ৷

এনেদৰে অলপ দিন পাৰ কৰাৰ পিছত দিল্লীৰ কাৰলবাঘত তেওঁলোকে এক সৰু কোঠালি লৈ নিজাকৈ পুনৰ মছলা ব্যৱসায় আৰম্ভ কৰিছিল ৷ তেওঁ নিজৰ নামেৰেই উক্ত ব্ৰেণ্ডৰ নাম দিছিল ‘এম ডিএইছ ৷’

আজিৰ পৰা প্ৰায় ৬১ বছৰ আগতে আৰম্ভ কৰা এই মছলা ব্ৰেণ্ডটো এতিয়া সমগ্ৰ বিশ্বৰ এশ খন দেশত জনপ্ৰিয় ৷ টেলিভিছনৰ পৰ্দাত কোম্পানীটোৰ বিজ্ঞাপনত দেখা পোৱা বগা দাড়ি আৰু পাগুৰি পৰিধান কৰা মানুহজনেই কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাপক মহাশয় ধৰমপাল গুলেটী ৷ বিজ্ঞাপনটোৰ জৰিয়তে অধিক জনপ্ৰিয় হৈ পৰা গুলেটী এতিয়া ভাৰতৰ প্ৰতিখন গৃহতেই ‘দাদাজী’ হিচাপেহে পৰিচিত ৷

গুলেটীয়েই হ’ল খাদ্য ,পানীয় আৰু মছলা প্ৰস্তুতকাৰী কোম্পানী সমূহৰ ভিতৰত সৰ্বোচ্চ দৰমহা প্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া ৷ তেওঁ বছৰি ২০ কোটি টকা দৰমহা হিচাপে লাভ কৰে যদিও ইয়াৰ ৯০ শতাংশ দৰমহা তেওঁ দাতব্য ন্যাসৰ নামত উৎসৰ্গা কৰে ৷ এমডিএইছ মছলা কোম্পানীয়ে নিজৰ খৰছত কেইবাখনো বিদ্যালয় আৰু চিকিৎসালয় চলাই আছে ৷

২০১৯ চনত তেওঁক ভাৰতীয় নাগৰিকৰ অসামৰিক সেৱাৰ সন্মান পদ্মভূষণেৰে অলংকৃত কৰা হৈছিল ৷ বৰ্তমান এমডিএইছে দৈনিক ৩০ টন মছলা উৎপাদন কৰে৷সম্প্ৰতি এমডিএইছ মছলা এক অতি জনপ্ৰিয় ব্ৰেণ্ড আৰু ভাৰতৰ প্ৰতিঘৰ মানুহৰ পাকঘৰৰ এক অপৰিহাৰ্য অংগ ৷ (IANS)