মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মানুহলৈ নহয়,গৰুলৈহে ‘কোট’ চিলাইছে যোগীয়ে

মানুহলৈ নহয়,গৰুলৈহে ‘কোট’ চিলাইছে যোগীয়ে

প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰিবলৈ গৰুৰ বাবে বিশেষ পোছাক

প্ৰয়াগৰাজ, ৩ ডিচেম্বৰ  — উত্তৰ প্ৰদেশৰ গৰুৰ বাবে সু-খবৰ ! প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰিবলৈ ৰাজ্যখনৰ পশুধন বিভাগে সকলো জিলাৰ পশু চিকিৎসক সকলক গৰুবিলাকৰ বাবে বিশেষ ধৰণৰ গৰম কোটৰ তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছে।

মৰাপাটৰ পৰা তৈয়াৰী এই  কোটবিলাকে চৰকাৰী বিভিন্ন পশু চিকিৎসালয় বা গোশালাত আশ্ৰয় লৈ থকা গৰুবিলাকক শীতৰ দিনত সকাহ দিব। তাৰোপৰি চৰকাৰী গোশালা সমূহক ডাঠ পলিথিন পর্দাৰে ঢাকি দিয়া হৈছে যাতে চেঁচা বতাহ এই গোশালাসমূহত সোমাব নোৱাৰে।

আনহাতে, কিছুমান জিলাত গাওঁ পঞ্চায়তে এতিয়া গৰু বিলাকৰ বাবে বস্তাৰে তৈয়াৰী কোট তৈয়াৰী কৰিব আৰু এম এনৰেগা বাজেটৰ অন্তৰ্গত পলিথিন বা বিভিন্ন ধৰণৰ আবৰণৰে গৰুবিলাকক আশ্ৰয় প্ৰদান কৰিব। উদাহৰণ স্বৰূপে অযোধ্যাত গৰুবিলাকৰ বাবে কোটৰ ব্যৱস্থা কৰাৰ উপৰিও জুই জ্বলাইও জুইৰ উত্তাপেৰে গৰুবোৰক ঠাণ্ডাৰ পৰা সকাহ দিবলৈ চেষ্টা কৰা হৈছে।

গাঁও অঞ্চলত বিভিন্ন ধৰণৰ গো- শালা তৈয়াৰ কৰা হৈছে য’ত অনাথ গৰু বিলাকক আশ্ৰয় দিয়া হৈছে আৰু সিহঁতক নিয়মিত ভাৱে খাদ্য যোগান ধৰা হৈছে। গাঁও পঞ্চায়তৰ বিষয়াবৰ্গৰ নেতৃত্বত আৰু বিভিন্ন গো সেৱকক নিয়োগ কৰি এই গো শালা সমূহত গৰু বিলাকৰ  যথেষ্ট যত্ন লোৱা দেখা গৈছে। তাৰোপৰি উত্তৰ প্ৰদেশ চৰকাৰৰ পশুধন বিভাগে গৰু বিলাকৰ স্বাস্থ্যৰ বিষয়ে যথেষ্ট খবৰ ৰখা বুলি গম পোৱা গৈছে আৰু নিয়মিত চিকিৎসা প্ৰদানৰ উপৰিও গৰুবিলাকৰ যাতে একো কষ্ট নহয়,সেই বিষয়টোত গুৰুত্ব প্ৰদান কৰিব ।

ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে  তেওঁৰ ৰাজহুৱা ভাষণত গৰুৰ স্বাস্থ্য আৰু কল্যাণৰ বিষয়টো তেওঁৰ চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰে বুলি ৰাজহুৱা ভাবে মন্তব্য প্ৰকাশ কৰিছে ৷  (IANS)