শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শোকাৱহ ! দুজনৰ মৃত্যু

শোকাৱহ ! দুজনৰ মৃত্যু

কাৰ্বি আংলঙত শোকাৱহ পথ দুৰ্ঘটনাত ২ যুৱকৰ থিতাতে মৃত্যু

হাওৰাঘাট, ৩ ডিচেম্বৰ: কিছু সময় পূৰ্বে কাৰ্বি আংলং জিলাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হৈছে। কাৰ্বি আংলং জিলাৰ ফুলনিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইকখনে‌ নিয়ন্ত্ৰণ হেৰুৱাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই কৰুণ ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় ক্ৰমে ডিফু পানবাৰীৰ দুই যুৱক ক্ৰমে আকিবুল ৰহমান আৰু আকবৰ আলী। ডিফুৰ পৰা নগাঁও অভিমূখে গৈ অৱস্থাত দুৰ্ঘটনাত পতিত হয় AS09 D7465 নম্বৰৰ দুচকীয়া বাহন খন। ঘটনাস্থলীত ইতিমধ্যে উত্তৰ বৰবিল আৰক্ষী উপস্থিত হৈ নিহত লোক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে।  (IANS)