সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হলিগলি আছিল বলিউড আৰু নাৰ্কটিক বিষয়াৰ

হলিগলি আছিল বলিউড আৰু নাৰ্কটিক বিষয়াৰ

কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বিত হ’ল বিষয়া

মুম্বাই, ৩ ডিচেম্বৰ:মুম্বাই চলচ্চিত্ৰ জগতৰ তাৰকাসকলৰ দ্বাৰা নিষিদ্ধ মাদক দ্ৰব্য ব্যৱহাৰৰ গোচৰৰ দুজন তদন্তকাৰী বিষয়াক নাৰকটিকচ বিভাগে নিলম্বন কৰিছে ৷ এই বিষয়া দুজনৰ বিৰুদ্ধে হৰ্ষ লিম্বাচিয়া আৰু কৰিশ্মা প্ৰকাশৰ গোচৰত গাফিলতি কৰাৰ অভিযোগ উথাপন হৈছে ৷ এনে গাফিলতিৰ বাবেই আটকাধীন ব্যক্তি দুজনে জামিন পোৱা বুলি বিভাগীয় উৰ্দ্ধতন কৰ্তৃপক্ষই বিবেচনা কৰিছে ৷ উল্লেখযোগ্য যে লিম্বাচিয়া কৌতুক শিল্পী ভাৰতী সিঙৰ স্বামী আৰু আনহাতে কৰিশ্মা অভিনেত্ৰী দিপিকা পাডুকনৰ মেনেজাৰ ৷ এই দুই গৰাকী ব্যক্তিক আটক কৰাৰ সময়ত নিষিদ্ধ মাদক দ্ৰব্য পোৱা গৈছিল ৷ নিলম্বিত বিষয়া দুজন আনকি বিভাগীয় অধিবক্তাৰ সৈতে গোচৰৰ দিনা আদালতত উপস্থিত নাছিল আৰু ফলস্বৰূপে আটকাধীন ব্যক্তি দুজনে সহজে জামিন লাভ কৰে ৷ তাৰোপৰি আন বিষয়াও তদন্তৰ আওতাত আহিব পাৰে বুলি বিভাগীয় সুত্ৰই জানিবলৈ দিছে ৷