শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আকৌ এজন মণিপুৰী শ্বহীদ হ’ল

আকৌ এজন মণিপুৰী শ্বহীদ হ’ল

গুইটেক বীৰৰ দৰে বিদায় দিলে মণিপুৰবাসীয়ে

ইম্ফল,৪ ডিচেম্বৰ: জন্মু কাশ্মীৰ সীমান্তত পাকিস্তানী সৈন্যৰ গুলীত প্ৰাণ আহুতি দিয়া মণিপুৰৰ বীৰ সন্তান তথা সীমান্ত নিৰাপত্তা বাহিনীৰ উপ পৰিদৰ্শক পাতিনছাট গুইটেক বাহিনীটোৰ লগতে স্থানীয় ৰাইজে আজি অশ্ৰুসিক্ত নয়নে বিদায় দিয়ে ৷

বীৰ সৈনিকজনৰ ঘৰ কংগপাকী জিলাৰ মাপৈ কুকি গাওঁত ৷ সীমান্ত নিৰাপত্তা বাহিনীৰ উপ মহাপৰিদৰ্শক হিদাম চুবল সিং,অধিনায়ক বিকাশ কুমাৰ তথা উচ্চপদস্থ বিষয়া অৱধেশ কুমাৰে শ্বহীদজনৰ নশ্বৰদেহত মাল্যাৰ্পণ  কৰে ৷

উল্লেখযোগ্য যে ১ ডিচেম্বৰত ৰাজৌৰী অঞ্চলত গুইটে পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ  হৈছিল ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে টুইটযোগে বীৰ জোৱানজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ (IANS)