দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / আলোচনা ব্যৰ্থ হ’লে ,খাবলৈ নাপায় মৰিব মানুহ

আলোচনা ব্যৰ্থ হ’লে ,খাবলৈ নাপায় মৰিব মানুহ

দিল্লী-গাজীপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকৰ দৃঢ় স্থিতি

নতুন দিল্লী, ৪ ডিচেম্বৰ – দিল্লী- গাজীপুৰ সীমান্তত প্ৰতিবাদ কৰি থকা হাজাৰ হাজাৰ কৃষকে শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰক এইবুলি সকীয়াই দিছে যে তেওঁলোকৰ নেতা সকলৰ লগত কেন্দ্ৰীয় চৰকাৰৰ শনিবাৰৰ আলোচনা যদি ব্যৰ্থ হয়, তেন্তে প্ৰতিবাদকাৰী কৃষক সকলে সকলো ৰাস্তা বন্ধ কৰি দিয়াৰ উপৰিও খাদ্য সামগ্ৰী সৰবৰাহ কৰাতো বাধা দিব। ইতিমধ্যে বৃহস্পতিবাৰে কৃষক নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনা বিফল হৈছে ৷ অবশ্যে শেহতীয়াকৈ চৰকাৰে নিজৰ স্থিতি কিছু শিথিল কৰা পৰিলক্ষিত হৈছে। আনহাতে কৃষক সকলে  তিনি  নতুন কৃষি আইন বাতিল নকৰালৈকে তেওঁলোকৰ ধৰ্ণা , প্ৰতিবাদীী কাৰ্যসূচী বন্ধ নকৰে বুলি ঘোষণা কৰিছে।

‘ভাৰত কিষান ইউনিয়নৰ’ মুখপাত্ৰ ৰাকেশ তিকায়তে কয় যে কেন্দ্ৰীয় চৰকাৰে তিনিখন নতুন আইন সম্পূৰ্নৰূপে বাতিল কৰাটো কৃষক সকলে বিচাৰে ৷ এই নতুন আইন সম্পূৰ্ণ ৰূপে ব্যক্তিগত পুঁজিপতি গোষ্ঠীক লাভন্বিত কৰিবৰ কাৰণে বলবৎ কৰা হৈছে বুলি তিকায়তে অভিযোগ কৰিছে ।

নাম প্রকাশত অনিচ্ছুক আন এজন কৃষক নেতাই কয় যে  তেওঁলোকৰ দাবী মানি লোৱা নহয় ,২৬ জানুৱাৰী পৰ্যন্ত প্ৰতিবাদকাৰী কৃষক সকল দিল্লীতেই থাকিব আৰু তেওঁলোকে দিল্লী ৰাজপথত নিজৰ ট্রেক্টৰসমূহ  অৱস্থান কৰাব। আনহাতে ‘ তৰাই কিষান সংঘৰ’ নেতা তেজেন্দ্ৰৰ সিঙে  কয় যে  কালিলৈ যদি কৃষক সকলৰ দাবী মানি লোৱা নহয় ,তেনেহ’লে তেওঁলোকে গাখীৰ ,খাদ্য সামগ্ৰীকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব।

উল্লেখযোগ্য যে দিল্লী -উত্তৰ প্ৰদেশ সীমান্তত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী কৃষকে যোৱা কেইবাদিনো ধৰি অৱস্থান কৰি আছে। আনহাতে, কেইবাহাজাৰ কৃষকে ছিংৰো সীমান্ততো অৱস্থান কৰি আছে।

ইয়াৰ ফলস্বৰূপে দিল্লী- হাৰিয়ানা ,দিল্লী- গাজিয়াবাদ সীমান্তৱৰ্তী অঞ্চলত যাতায়তৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে।প্ৰতিবাদকাৰী কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে তিনিখন নতুন আইন সম্পূৰ্নৰূপে বাতিল কৰাটো বিচাৰে আৰু তেওঁলোকৰ লগত এক ফলপ্ৰসু আলোচনাত মিলিত হোৱাটো আশা কৰে। (IANS)