সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এইবাৰ মাৰ্কিন প্ৰশাসন ‘হিলাই’ দিব ভাৰতীয়ই

এইবাৰ মাৰ্কিন প্ৰশাসন ‘হিলাই’ দিব ভাৰতীয়ই

বন্দুক সংস্কৃতিৰ বিৰোধী মূৰ্তিক গুৰু দায়িত্ব বিডেনৰ

নিউয়ৰ্ক ,৪ডিচেম্বৰ– ভাৰতীয় মূলৰ আন এজন ব্যক্তি বিবেক মূৰ্তিক নৱ নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ স্বাস্থ্য বিভাগত এক গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে বিবেক মূৰ্তি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ ছার্জন জেনেৰেল পদবীত অধিষ্ঠিত আছিল। মূৰ্তি বৰ্তমানে ‘বিডেন -হেৰিছ ট্ৰেজিচনৰ’ ক’ভিড১৯ টাস্ক ফৰ্চৰ মুৰব্বী পদত নিয়োজিত হৈ আছে ।

আনহাতে, নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিজনে তেওঁক আগন্তুক সপ্তাহত স্বাস্থ্য আৰু মানৱ সম্পদ মন্ত্ৰালয়ৰ সচিব পদত নিযুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিবেক মূর্তিয়ে ২০১৪ চনৰ ডিচেম্বৰৰ পৰা ২০১৭ চনৰ ২১ এপ্ৰিললৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৯ সংখ্যক ছার্জন জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

তেওঁ নিউয়ৰ্ক টাইমছৰ দ্বাৰা প্ৰকাশিত এখন জনপ্ৰিয় গ্ৰন্থ ‘ টুগেদাৰ  হিলিং পাৱাৰ অফ হিউমেন কানেকশ্যন ইন এ লৌনলি ৱৰ্ল্ড’ৰ লিখক আৰু তেওঁ মৃদু স্বভাৱৰ বাবে সকলোৰে মাজত জনপ্ৰিয়।২০১৭ চনত মূৰ্তিক ড’নাল্ড ট্টাম্পে ছার্জন জেনেৰেল পদবীৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিলে ।

ছার্জন পদবীত কাৰ্যনিৰ্বাহ কৰোতে বিবেক মূৰ্তিয়ে বিশ্ব জুৰি সন্ত্ৰাস সৃষ্টি কৰা ইব’লা আৰু চাৰ্চ ভাইৰাছৰ বিৰুদ্ধে যথেষ্ট তৎপৰতাৰে কাৰ্য সম্পাদন কৰিছিল। এজন চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিবেক মূর্তিয়ে বন্দুকৰ গুলীৰ দ্বাৰা গুৰুতৰভাৱে আক্ৰান্ত ব্যক্তিক চিকিৎসা কৰি বিখ্যাত হোৱাৰ লগতে জনপ্ৰিয়ও হৈছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্দুক সংস্কৃতিৰ ঘোৰ বিৰোধী হিচাপে জনাজাত।

আনহাতে, বৃহস্পতিবাৰে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ‘এলাৰ্জী এণ্ড ইনফেকচিয়াছ ডিজিজৰ ’নেতৃত্বত থকা এন্ট’নী ফৰ্চৰ লগত আজি এক আলোচনাত মিলিত হয়। জ’ বিডেনে চি এন এন সংবাদ মাধ্যমক কয় যে তেওঁ এন্ট’নী ফৌছিক এজন মুখ্য স্বাস্থ্য উপদেষ্টা হিচাপে নিয়োগ কৰাৰ ওপৰিও তেওঁক ক’ভিড১৯ৰ উপদেষ্টা টীমতো অন্তৰ্ভুক্ত কৰিব। উল্লেখ্যযোগ্য যে বিডেনে কেৱল মূৰ্তিকেই নহয় বহু কেইটা গুৰুত্বপূৰ্ণ পদবীত ভাৰতীয় মূলৰ ব্যক্তিক  নিযুক্তি দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷  (IANS)