বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টাইম আলোচনীৰ প্ৰচ্ছদত স্থান পালে গীতাঞ্জলিয়ে

টাইম আলোচনীৰ প্ৰচ্ছদত স্থান পালে গীতাঞ্জলিয়ে

পাঁচ হাজাৰ শিশুৰ মাজৰপৰা গীতাঞ্জলি হ’ল 'কীড অব দ্যা ইয়েৰ’

নিউয়ৰ্ক,৪ ডিচেম্বৰ: কেৱল আমেৰিকাৰে নহয় বিশ্বৰ পাঠকৰ মাজতেই জনপ্ৰিয় ‘টাইম’ আলোচনীয়ে ভাৰতীয় মূলৰ গীতাঞ্জলি ৰাওক ‘কীড অব দ্যা ইয়েৰ’ সন্মানেৰে সন্মানিত কৰিছে আৰু ইয়াৰ প্ৰচ্ছদ পৃষ্ঠাত তেওঁৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে ৷

প্ৰায় পাঁচ হাজাৰ শিশুৰ মাজৰ পৰা গীতাঞ্জলিক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ গীতাঞ্জলি এগৰাকী ভাৰতীয় মূলৰ শিশু বিজ্ঞানী আৰু উদ্ভাৱক৷তেওঁ অপৰিস্কাৰ পানীক পৰিস্কাৰ কৰা পদ্ধতি,ধপাতজাতীয় অথবা দেহৰ ক্ষতি কৰিব পৰা মাৰাত্মক সামগ্ৰীৰ প্ৰতি আসক্তি থকা আৰু চাইবাৰ অপৰাধৰ লগত জড়িত লোকক সঠিক পথলৈ অনা আদি বিষয়বোৰত গুৰুত্ব দি গবেষণা চলাই আছে ৷ অহা ১৪ ডিচেম্বৰৰ টাইম আলোচনীৰ প্ৰচ্ছদ পৃষ্ঠাত এতিয়ালৈকে লাভ কৰা পুৰস্কাৰ তথা মেডেল সমূহৰ সৈতে গবেষণাৰ সাজত  তেওঁৰ আলোকচিত্ৰ প্ৰকাশ পাব ৷

উল্লেখযোগ্য যে গীতাঞ্জলি কলৰাডোৰ ল’নট্ৰী অঞ্চলৰ বাসিন্দা আৰু তেওঁৰ বয়স ১৫ বছৰ ৷ গীতাঞ্জলিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা এঞ্জেলিনা জ’লীয়ে লিখিছে,গীতাঞ্জলিৰ প্ৰতিটো কথাই প্ৰেৰণাদায়ক ৷ তেওঁ  আমাক কয় যে সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত নহয় বৰঞ্চ যিটোৱে মনত খুদুৱণিৰ সৃষ্টি কৰি সেইটোহে সমাধান কৰিবলৈ চেষ্টা কৰা উচিত ৷

চাইবাৰ ক্ৰাইমৰ বিষয়টো সন্দৰ্ভত সাক্ষাৎকাৰটোত তেওঁ এঞ্জেলিনাক কয় প্ৰকৃততে মই যিটো ইঞ্জিন তৈয়াৰ কৰিছোঁ তাত আপুনি লিখি থাকোতেই সেই কথা যদি গ্ৰহণীয় নহয় আপুনি নিজেই গম পাই যাব আৰু পুনৰ বাৰ সংশোধন কৰাৰ সুবিধা পাব ৷ মোৰ উদ্দেশ্য তেওঁলোকক শাস্তি প্ৰদান কৰা নহয় ,ইয়াৰ জৰিয়তে তেওঁলোকে নিজকে সংশোধন কৰিব পাৰিব ৷ আনহাতে,তেওঁ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকেও যাতে পানীৰ বিশুদ্ধতাৰ বিষয়ে জানিব পাৰে আৰু পৰিস্কাৰ পানী খাব পাৰে তাৰ বাবে এবিধ যন্ত্ৰ তৈয়াৰত ব্যস্ত আছে ৷’মেচাচুচেটচ ইনষ্টিটিউট অব টেকন’লজি’ৰ অত্যন্ত অনুৰাগী গীতাঞ্জলিয়ে নিয়মীয়াকৈ তাৰ ৰিভিউবোৰ পঢ়ে ৷ (IANS)