সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / পুনৰ লকডাউন,খেতিকে কৰিব প্ৰীতিয়ে

পুনৰ লকডাউন,খেতিকে কৰিব প্ৰীতিয়ে

প্ৰকৃতিয়ে জীয়াই থকাৰ প্ৰেৰণা দিয়ে

লচ এঞ্জেলচ,৪ডিচেম্বৰ : লচ এঞ্জেলচত পুনৰ তিনি সপ্তাহৰ বাবে লকডাউন আৰম্ভ হৈছে ৷ বৰদিনৰ পূৰ্বে ক’ভিড সংক্ৰমণ যাতে বৃদ্ধি নহয় তাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে ৷

ভাৰতীয় চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাই এই দীঘলীয়া লকডাউনৰ সময়চোৱাত নিজৰ বাৰীত খেতি কৰাত ব্যস্ত থাকিব বুলি ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছে ৷

প্ৰকৃতিৰ পৰাহে মানুহে যিকোনো কাম কৰাৰ বাবে যোগাত্মক চিন্তাধাৰাৰে আগবঢ়াৰ প্ৰেৰণা লাভ কৰে ৷ সেয়ে মই প্ৰকৃতিক ভাল পাওঁ ৷ কৃত্ৰিম সাৰ ব্যৱহাৰ নকৰাকৈ ঘৰত খেতি কৰি নিজে নিজৰ শাকপাচলি যোগাৰ কৰিব পৰাটো সঁচাই গৌৰৱৰ কথা ৷ লচ এঞ্জেলচৰ মুকলি ৰাস্তাত ৰৈ ইনষ্টাগ্ৰামত তেওঁৰ স্বামীৰ সৈতে মাস্ক পিন্ধা ভিডিঅ’ আপলোড কৰি  সকলোলৈ বাৰ্তা প্ৰেৰণ কৰে এনেদৰে ’সকলোৱে সাৱধানে থাকিব আৰু মাস্ক পৰিধান কৰিব ৷’  (IANS)