মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / বিজেপিৰ ভাল দিন আহিছে হায়দৰাবাদত

বিজেপিৰ ভাল দিন আহিছে হায়দৰাবাদত

২০১৬ চনৰ তুলনাত পৌৰ নিৰ্বাচনত উন্নত ফলাফল দেখুৱাইছে বিজেপিয়ে

হায়দৰাবাদ,৪ডিচেম্বৰ : হায়দৰাবাদ পৌৰনিগমৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ভাল ফলাফল দেখুওৱাৰ বাবে তেলেংগানা বিজেপিৰ কাৰ্যালয়ত আনন্দৰ সীমা নোহোৱা হৈছে ৷ ২০১৬ চনৰ হায়দৰাবাদ পৌৰসভা নিৰ্বাচনত দলটোৱে মাত্ৰ ৪খন আসন লাভ কৰিছিল কিন্তু এইবাৰ দলটোৱে ৪৬ খন আসন লাভ কৰাকলৈ দলটো অত্যন্ত সুখী ৷

টেলেংগানাৰ বিজেপিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ কণিষ্ঠ সদস্যসকলে মিলি ফটকা ফুটুৱাৰ লগতে মিঠাই বিতৰণ কৰিছে৷উল্লেখযোগ্য যে হাইদৰাবাদ পৌৰসভাৰ অধীনত পাঁচখন লোকসভাৰ আসন আছে৷হাইদৰাবাদ পৌৰসভা নিৰ্বাচনত  তেলেংগানা ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰথম স্থান অধিকাৰ কৰিছে যদিও বিজেপি দল দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে ৷ উক্ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰিও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী  আদিত্যনাথেও অংশগ্ৰহণ কৰিছিল ৷  (IANS)