সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বীমাৰ ব্যৱস্থা কৰিব বিশেষ ভাৱে সক্ষম লোকৰ

বীমাৰ ব্যৱস্থা কৰিব বিশেষ ভাৱে সক্ষম লোকৰ

বেঙ্গল ক্ৰিকেট এছ’চিয়েছনৰ আদৰণীয় পদক্ষেপ

কলকতা,৪ ডিচেম্বৰ: বেঙ্গল ক্ৰিকেট এছ’চিয়েছনে এক উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ৩০জন বিশেষ ভাৱে সক্ষম খেলুৱৈৰ বাবে বীমাৰ ব্যৱস্থা কৰিছে ৷ শ্ৰবণশক্তি হেৰুৱাই পেলোৱা, দৃষ্টিহীন তথা শাৰীৰিকভাৱে অক্ষম এই বিশেষভাৱে সক্ষম খেলুৱৈসকলক এবছৰৰ বাবে বীমাৰ সুবিধা আগবঢ়োৱা হ’ব ৷

বৃহস্পতিবাৰে বিশ্ব বিকলাংগ দিবসৰ লগত সংগতি ৰাখি ইডেন গাৰ্ডেন খেলপথাৰত এক সভাত এই কথা ঘোষণা কৰা হয় ৷

এই সংক্ৰান্তত বেঙ্গল ক্ৰিকেট এছ’চিয়েছনৰ সভাপতি অভিষেক ডালমীয়াই কয় যে  বিশ্ব বিকলাংগ দিবসৰ এক বাণী হৈছে যে বিকলাংগ অৱস্থা মানৱ জীবনৰ এক অংশহে ৷

গতিকে এছ’চিয়েছনে ৩০জন এনে খেলুৱৈৰ বাবে বীমাৰ সুবিধা আগবঢ়াই তেওঁলোকৰ প্ৰতি এই সন্মান জনাইছে৷ বিশেষভাৱে সক্ষম লোকসকলৰ ক্ৰিকেটাৰ সন্থাৰ সভাপতি গৌৰ মোহন ঘোষে কয় যে এনে মহান পদক্ষেপে বিকলাংগ খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰিব ৷ (IANS)