শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘ভয় খাব নালাগে’-বুশ্ব,ক্লিন্টন আৰু অ’বামা

‘ভয় খাব নালাগে’-বুশ্ব,ক্লিন্টন আৰু অ’বামা

অ'বামা,বুশ্ব,ক্লিটনৰ দ্বাৰা ক’ভিড প্ৰতিষেধকৰ বিষয়ে অভয়বাণী

নিউয়ৰ্ক,৪ ডিচেম্বৰ: আমেৰিকা যুক্টৰাষ্ট্ৰৰ এক বৃহৎ সংখ্যক নাগৰিকে ক’ভিড মহামাৰীৰ প্ৰতিষেধক কিমান নিৰাপদ সেই সম্পৰ্কে যথেষ্ট সন্দিহান হোৱাৰ সময়তে এইবাৰ তিনি প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে এই প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ বুলি অভয়বাণী প্ৰদান কৰিছে ৷

এই তিনি প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে দেশখনৰ প্ৰায় ৪২শতাংশ এনে নাগৰিকক আশ্বস্ত কৰিবলৈ নিজে এই প্ৰতিষেধক ল’ব বুলিও ঘোষণা কৰিছে ৷ আনহাতে,  এই মহামাৰীৰ এক অন্যতম বিশেষজ্ঞ এন্টনি ফৌচীয়েও এই প্ৰতিষেধক যে সম্পূৰ্ণ নিৰাপদ ,তাক প্ৰমাণ কৰিবলৈ নিজে প্ৰথম ব্যৱহাৰ কৰিব বুলিও উল্লেখ কৰিছে ৷

আগন্তুক দুটা সপ্তাহৰ ভিতৰত দেশখনত এই প্ৰতিষেধক দিয়াৰ কাম আৰম্ভ হ’ব৷ফাইজাৰ কোম্পানীৰ দ্বাৰা প্ৰস্তুত এই প্ৰতিষেধকক ১০ ডিচেম্বৰ আৰু মৰ্ডানা কোম্পানীৰ আন এক প্ৰতিষেধকক ১৭ ডিচেম্বৰত আমেৰিকা যুক্টৰাষ্ট্ৰৰ সংশ্লিষ্ট বিভাগে অনুমতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷

ইংলেণ্ডে ইতিমধ্যে ফাইজাৰ কোম্পানীৰ প্ৰতিষেধকক নিৰাপদ বুলি ঘোষণা কৰিছে ৷ ৰাছিয়া তথা চীনে ইতিমধ্যে নিজ নিজ দেশৰ নাগৰিক সকলৰ বাবে প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে ৷ উল্লেখযোগ্য যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিয়ে পূৰ্বতে এই প্ৰতিষেধকৰ ওপৰত যথেষ্ট সন্দেহ প্ৰকাশ কৰিছিল ৷ কিন্তু বিদায়ী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই প্ৰতিষেধকক শীঘ্ৰে বজাৰত মুকলি কৰি দিয়াৰ বাবে হেঁচা দিছিল ৷ (IANS)