শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আগৰ শিক্ষানীতি সলনি কৰক !

আগৰ শিক্ষানীতি সলনি কৰক !

আমেৰিকাৰ নতুন প্ৰশাসনক পূৰ্বৰ কিছু নীতি সংশোধন কৰিবলৈ পৰামৰ্শ

নিউয়ৰ্ক,৫ ডিচেম্বৰ:কলম্বিয়া বিশ্ববিদ্যালয়ৰ সভাপতি লী বুলীংজাৰে দেশখনৰ নব নিৰ্বাচিত প্ৰশাসনক পূৰ্বৰ কিছু ত্ৰুটিপূৰ্ণ নীতি সলনি কৰিবলৈ পৰামৰ্শ দিছে ৷ শিক্ষাবিদ জনৰ মতে এনে নীতিৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাসম্পন্ন ব্যক্তিক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশ্ববিদ্যালয়বোৰৰ যথেষ্ট সমস্যা হৈছে ৷ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনক সম্বোধন কৰি লিখা এক পত্ৰত বুলিংজাৰে উল্লেখ কৰে যে হাজাৰ হাজাৰ বিদেশী শিক্ষাৰ্থীয়ে আমেৰিকালৈ ঘূৰি অহাত সমস্যাৰ সন্মুখীন হৈছে আৰু প্ৰবেশ কৰাৰ পাছতো নানান বাধাৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷ এনে নিয়মে আমেৰিকাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰে ক্ষতি কৰিব বুলি তেওঁ সকীয়াই দিয়ে ৷ আন্তৰাষ্ট্ৰীয় শিক্ষাৰ্থী সকলৰ উপস্থিতি আমেৰিকাৰ উচ্চ শিক্ষাৰ বিকাশৰ বাবে অতিকে জৰুৰী বুলিও তেওঁ পত্ৰত উল্লেখ কৰে ৷

যোৱা ৪ বছৰত বিদেশী শিক্ষাৰ্থী সকলৰ ওপৰত ভিছা, ভিছাৰ ম্যাদ তথা শিক্ষা সমাপ্ত কৰাৰ পাছত কৰ্মত নিয়োজিত হোৱাত বহুতো বাধা আৰোপ কৰা হৈছে ৷ তাৰোপৰি এনে কঠোৰ নীতিয়ে দেশখনৰ গৱেষণা কাৰ্যত বাধাৰ সৃষ্টি কৰিছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ সংক্ৰমণৰ আগতে প্ৰত্যেক বছৰে অতিকমেও ১০ লাখ বিদেশী শিক্ষাৰ্থী আমেৰিকালৈ আহিছিল আৰু ইয়াৰ দ্বাৰা দেশখনত প্ৰায় $৪০ বিলিয়ন ডলাৰৰ ৰাজহ সংগ্ৰহ হৈছিল যিটো আছিল দেশখনৰ অৰ্থনীতিলৈ এক বৃহৎ সকাহ ৷ (IANS)