বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / আৰএছএছৰ ঘাটিত হাত দাঙি ঠিয় হ’ল কংগ্ৰেছ

আৰএছএছৰ ঘাটিত হাত দাঙি ঠিয় হ’ল কংগ্ৰেছ

আৰএছএছ ৫৮ বছৰীয়া শাসন উফৰালে কংগ্ৰেছে

মুম্বাই,৫ ডিচেম্বৰ– সুদীৰ্ঘ ৫৮ বছৰৰ পিছত কংগ্ৰেছ দলে নাগপুৰ গ্ৰেজুয়েট সমষ্টিৰ পৌৰনিগমৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰিছে । কংগ্ৰেছৰ যুৱ নেতা অভিজিত ৱানজাৰীয়ে  এই জয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিছে। ‘ মহাৰাষ্ট্ৰৰ বিকাশ আগাধী’ মিত্ৰজোঁটৰ অংশীদাৰী দল শিবসেনা আৰু কংগ্ৰেছ দলে নাগপুৰৰ মেয়ৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতা সন্দ্বীপ যোশীক পৰাস্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ১ ডিচেম্বৰত এই ৬ খন আসনৰ বাবে হোৱা নিৰ্বাচনত ‘মহা বিকাশ আগধী’য়ে ৪ খন আসনত জয় লাভ কৰিছে।বিজেপিয়ে ১ খন আৰু ১খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে, এই জয় সাব্যস্ত কৰাৰ পিছত কংগ্ৰেছৰ প্ৰাৰ্থী ৱানজাৰীয়ে মহাবিকাশ অগধীৰ মিত্ৰ জোঁট‍‍ৰ অংশীদাৰী দলবোৰক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকৰ দীঘলীয়া কষ্ট আৰু ত্যাগৰ ফলতহে এই জয়লাভ সাব্যস্ত হৈছে।

উল্লেখযোগ্য যে এই গুৰুত্বপূৰ্ণ পৌৰনিগমৰ আসনখন পূৰ্বে জনসংঘ আৰু পিছত বিজেপিৰ শক্তিশালী নেতা যেনে অটল বিহাৰী বাজপায়ী ,স্বৰ্গীয় গঙ্গাধৰ ফাণ্ডাবীজ আৰু ৪ বাৰৰ কেন্দ্ৰীয় মন্ত্ৰী  নীতিন গাডকাৰীয়ে প্ৰতিনিধিত্ব কৰিছিল ৷ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী ৱানজাৰীয়ে কয় যে যোৱা ৪২ বছৰত ভোটাৰ সকলৰ তালিকা নৱীকৰন হোৱাই নাছিল আৰু ইয়াৰ বাবে যথেষ্ট সন্দেহ জনক ভাৱে পূৰ্বতে জয়লাভ কৰিবলৈ বিজেপি দলৰ প্ৰাৰ্থীসকলে সক্ষম হৈছিল ৷ তেওঁ এইবাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগৰ  লগত সন্মিলিত প্ৰচেষ্টাৰে ভোটাৰ তালিকা নবীকৰণ কৰিলে আৰু ইয়াত প্ৰায় ৭০ শতাংশ নতুন স্নাতক ভোটাৰৰ লগতে তেওঁলোকৰ পৰিচয় পত্ৰৰ সন্নিবিষ্ট কৰা হ’ল বুলিও কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীজনে মন্তব্য কৰে। তাৰোপৰি তেওঁ স্নাতকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে যথেষ্ট প্ৰচাৰ অভিযান চলাইছিল ৷ অ বি চি সম্প্ৰদায়ৰ পৰা অহা বাবেও ৱানজাৰীৰ যথেষ্ট সুবিধা হ’ল বুলি নিৰ্বাচনী পৰ্যবেক্ষক সকলে ক’ব খোজে। নাগপুৰৰ নাম প্রকাশত অনিচ্ছুক এজন এন চি পি নেতাই কয় যে বিভিন্ন কাৰণৰ বাবে ৰাজ্যৰ অ বি চি লোকসকল বিজেপি দলৰ প্ৰতি যথেষ্ট অসন্তুষ্ট হৈ আছিল আৰু ইয়াৰ ফলাফল এই  নিৰ্বাচনত স্পষ্টকৈ পৰিল ৷

 আনহাতে বিজেপি দলৰ অভিভাৱক আৰ এছ এছে এই ইংগিত দিয়ে যে বিজেপি দলৰ  নিজস্ব দলীয় কন্দলৰ বাবেহে এই পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছে। বিদৰ্ভৰ শিবসেনাৰ দলৰ নেতা কিশোৰ তিৱাৰীয়ে আনহাতে কয় যে বিজেপি দলত চলি থকা অন্তকন্দল নিয়ন্ত্ৰণ কৰাৰ বাবে এইটোৱেই উপযুক্ত সময় আৰু যদি এই অন্তকন্দল বন্ধ নকৰে ,তেনেহলে ২০২৪ চনত নীতিন গাডকাৰীৰ দৰে দলৰ জ্যেষ্ঠ নেতাও পৰাজয় সন্মুখীন হ’ব লাগিব পাৰে।শিবসেনা দলে তেওঁলোকৰ নেতা উদ্ধব থাকৰেৰ নেতৃত্বত ৰাইজৰ মাজত ‘মহা বিকাশ অগধীৰ’ সন্মিলিত প্ৰাৰ্থী সকলৰ হৈ  প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছিল। আনহাতে এই মিত্ৰজোঁটৰ এক অন্যতম নেতা শাৰদ পাৱাৰে কয় যে নাগপুৰৰ দৰে সমষ্টিত কংগ্ৰেছে জয়লাভ সাব্যস্ত কৰি  এইটো প্ৰমাণ কৰিলে যে ৰাজ্যৰ জনসাধাৰণে মিত্ৰজোঁটৰ চৰকাৰক আঁকোৱালি লৈছে। তাৰোপৰি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা ৰাজহ মন্ত্ৰী বালা চাহেব থাকৰেই ৰাজ্যবাসীয়ে মিত্ৰজোঁটৰ চৰকাৰক এই জয়ৰ যোগেদি আশীৰ্বাদ দিয়া বুলি অভিহিত কৰে ৷ আনহাতে, বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাৰ্নাভিছে পৰাজয় স্বীকাৰ কৰি কয় যে তেওঁলোকে আশা কৰা মতে নিৰ্বাচনৰ ফলাফল মুঠেই নহ’ল আৰু অতি সোনকালে এক বৈঠকত পৰাজয়ৰ কাৰণসমূহ বিচাৰ কৰিবলৈ মিলিত হব ৷