সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / ক’ভিড ভাল কৰিবলৈ কুকাৰ !

ক’ভিড ভাল কৰিবলৈ কুকাৰ !

প্ৰেছাৰ কুকাৰৰ ভাপৰ দ্বাৰা ক'ভিড ভাইৰাছৰ চিকিৎসা

জয়পুৰ, ৫ ডিচেম্বৰ —এগৰাকী প্ৰাক্তন বেংক বিষয়াই প্ৰাকৃতিক পদ্ধতিৰে চিকিৎসা কৰি থকাৰ মাজতে প্ৰেছাৰ কুকাৰৰ পৰা নিৰ্গত ভাপৰ দ্বাৰা ক’ভিড আক্ৰান্ত ৰোগী সকলক চিকিৎসা কৰি যথেষ্ট  সকাহ দিয়াৰ সংবাদে সকলোৰে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ৬৫ বছৰীয়া পোখৰাজ ভ’ৰা নামৰ এই প্ৰাকৃতিক চিকিৎসকজন ৰাজস্থান- মধ্যপ্ৰদেশ সীমান্তৰ ৰতলান জিলাৰ বাসিন্দা ৷ তেওঁ উদ্ভাৱন কৰা নতুন পদ্ধতিৰ দ্বাৰা প্ৰেছাৰ কুকাৰৰ পৰা নিৰ্গত ভাপক এডাল পাইপৰ যোগেদি ক’ভিড  আক্ৰান্ত ৰোগী সকলক ৩০ মিনিটৰ বাবে দিয়া হয়। তাৰোপৰি ক’ভিড আক্ৰান্ত ৰোগী জনক বোকাৰ প্ৰলেপ দি চিকিৎসা কৰা হয়।বোকাৰ প্ৰলেপৰ লগত ক’লা মাটিৰ লগতে নেমু টেঙাৰ ৰস মিহলি কৰি সমগ্র শৰীৰত প্ৰলেপ দিয়া হয় আৰু ইয়াৰ দ্বাৰা দেহত তেজৰ ৰক্ত কণিকা বৃদ্ধি হয় বুলি দাবী কৰা হৈছে।ৰাজস্থান ,গুজৰাট আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন  জিলাৰ ক’ভিড আক্ৰান্ত লোক ইতিমধ্যে এই ব্যক্তিজনৰ ওচৰলৈ ক’ভিড ৰোগৰ চিকিৎসা ল’বলৈ আহিছে।

উল্লেখযোগ্য যে ক’ভিড আক্রান্ত ৰোগী সকল সুস্থ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয় আৰু তেওঁলোকৰ দেহত  ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা যথেষ্ট কমি যোৱাৰ পৰিপ্ৰেক্ষিতত এনে প্ৰাকৃতিক চিকিৎসাই আশাৰ বতৰা কঢ়িয়াই আনিছে । ৰোগী গৰাকীক প্ৰথমতেই আমলখি আৰু  বনৌষধিৰ ৰস পান কৰোৱা হয় আৰু  এই ভাপ চিকিৎসা কৰাৰ ওপৰিও বোকা মাটিৰ প্ৰলেপ লগোৱা হয়। উল্লেখযোগ্য যে প্ৰাক্তন বেংক বিষয়া ভ’ৰাই যোৱা তিনিটা দশক প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে চৰ্চা কৰি আহৰণ কৰা  জ্ঞানেৰে ক’ভিড ১৯ মহামাৰীৰ সময়ত নিজস্ব গৱেষণা পুনৰ আৰম্ভ কৰিছিল আৰু তেওঁ এতিয়া যথেষ্ট সংখ্যক ৰোগীক সকাহ দিবলৈ সক্ষম হৈছে।

 তাৰোপৰি ভ’ৰাই প্ৰশ্নও কৰে যে  যিহেতু গৰম জলীয় ভাপে সকলো ধৰণৰ ভাইৰাছক  নাশ কৰে,কিয় সকলো ৰোগীকে ভাপৰ চিকিৎসা কৰা নহয় ? তাৰোপৰি তেওঁ কয় যে এই ক’ভিড আক্ৰান্ত ৰোগীসকলক যিসমূহ এলোপেথিক ঔষধ দিয়া হয়,সেই ঔষধ সমূহে ৰোগী জনক যথেষ্ট দুৰ্বল কৰে আৰু ইয়াৰবাবে এনে ধৰণৰ প্ৰাকৃতিক চিকিৎসা কৰাতো অতি প্ৰয়োজন ।২০ বছৰীয়া এজন ৰোগী অনিকেতৰ জ্বৰ তথা শ্বাস প্ৰশ্বাসত কষ্ট হৈছিল আৰু তেওঁ এই বিষয়ে কয় “মোৰ ক’ভিড নিগেটিভ ৰিপোৰ্ট অহাৰ পিছতো যথেষ্ট স্বাস্থ্যজনিত সমস্যাই দেখা দিছিল  আৰু মই ভ’ৰাৰ এই প্ৰাকৃতিক চিকিৎসা গ্ৰহণ কৰি  যথেষ্ট সুফল লাভ কৰিছো ।

এই প্ৰাকৃতিক চিকিৎসা গ্রহণ কৰাৰ পিছত মোৰ দেহত অক্সিজেনৰ পৰিমাণ   ৮৪ পৰা ৯৮ লৈকে মাত্ৰ তিনিদিনতে যথেষ্ট বৃদ্ধি হ’ল আৰু দেহৰ পৰা জ্বৰ সম্পূৰ্ণ ৰূপে নাইকীয়া হ’ল। মই এই চিকিৎসা এতিয়া সকলো লোককে ল’বলৈ আহ্বান জনাইছো”। সংবাদ মাধ্যমক অনিকেতে কয় যে আনকি এল’পেথিক চিকিৎসকেও তেওঁক সম্পূৰ্ণ সুস্থ হোৱাৰ বিষয়টোত সন্দেহ প্ৰকাশ কৰিছিল, কিয়নো তেওঁৰ হাওফাঁওত হোৱা সংক্ৰমণ যথেষ্ট বেছি আছিল। কিন্ত  ক’ভিড টেষ্ট বাৰে বাৰে নিগেটিভ আহিছিল বাবে ডাক্তৰ সকলৰো কৰিব লগা একো নাছিল বুলিও তেওঁ  উল্লেখ কৰে ৷ আন এগৰাকী ৰোগী অনিতাই কয় যে তেওঁৰ যথেষ্ট  কফ আছিল , মানসিক ভাৱে ভাগি পৰিছিল, শ্বাস প্ৰশ্বাস জনিত সমস্যা হৈছিল আৰু এনে  ধৰণৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত তেওঁ ভ’ৰাৰ এই প্ৰাকৃতিক চিকিৎসা যোৱা মাহত ল’বলৈ আৰম্ভ কৰিলে আৰু বৰ্তমান তেওঁ সুস্থ অনুভৱ কৰিছে বুলি জানিবলৈ দিয়ে ৷ আনকি গুজৰাট ,দিল্লীৰ যথেষ্ট সংখ্যক ৰোগীয়ে সঘনে তেওঁৰ লগত যোগাযোগ কৰি তেওঁৰ পৰামৰ্শ লৈছে।