সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / কৃষকৰ দাবী : হয় বা নহয় কওক

কৃষকৰ দাবী : হয় বা নহয় কওক

আলোচনাৰ পিছত আলোচনা,কিন্তু সমাধান নাই

নতুন দিল্লী,৫ ডিচেম্বৰ:পঞ্চম লানি আলোচনায়ো সকাহ দিব নোৱাৰিলে প্ৰতিবাদী কৃষকসকলক ৷ আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চম বাৰৰ বাবে অনুষ্ঠিত কৃষক আৰু চৰকাৰী পক্ষৰ আলোচনাত কোনো সমাধান সূত্ৰ নোলাল ৷ এইবাৰ ষষ্ঠ লানি আলোচনা অনুষ্ঠিত হ’ব অহা ৯ ডিচেম্বৰত ৷ দুয়ো পক্ষৰ আকোঁৰগোজ স্থিতিৰ বাবে ইমান কেইখন আলোচনাৰ পিচতো সমাধানসূত্ৰ নোলোৱাটো প্ৰকৃততে দুৰ্ভাগ্যজনক ৷ আজি পাঁচ ঘণ্টা আলোচনাৰ অন্ততো একো সমিধান নোলোৱাৰ পিছত কৃষক সংগঠনসমূহে সমগ্ৰ ভাৰত ৮ ডিচেম্বৰত অচল কৰি দিয়াৰ হুংকাৰ দিছে ৷ আজিৰ আলোচনাত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশ,কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলৰ ওপৰিও বিভাগটোৰ প্ৰায় সংখ্যক উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰে ৷ কৃষক সংগঠনৰ নেতাসকলে কেৱল ‘হয়’ আৰু ‘নহয়’ বুলিহে উত্তৰ দিবলৈ কোৱাত বিষয়টোৰ মীমাংসা নোহোৱা বুলি উল্লেখ কৰে চৰকাৰী পক্ষই ৷ (IANS)

ReplyForward