দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / পাৰ হৈ গ’ল,এজাক ‘হাতী’,ভাঙি থৈ আশাৰ পঁজা

পাৰ হৈ গ’ল,এজাক ‘হাতী’,ভাঙি থৈ আশাৰ পঁজা

ন্যায়ালয়ৰ নিৰ্দেশে প্ৰমাণ কৰিলে, কৃষক মুক্তিয়ে সেই সময়ত সত্যৰ সপক্ষে যুঁজিছিল৷প্ৰতিবেদন যুগুতাইছে মনালিছা গগৈ আৰু পাৰ্থপ্ৰতীম হাজৰিকাই

গুৱাহাটী,৫ ডিচেম্বৰ:‘জনশিমলু ‘ নামটো আজিৰ পৰা তিনি বছৰৰ আগৰ এই নবেম্বৰ ডিচেম্বৰ মাহৰ সময় খিনিতে সকলোৰে মুখে মুখে আছিল ৷ জনশিমলুৰ জনসাধাৰণে ভাঙি দিয়া ঘৰবোৰৰ ভগ্নাৱশেষ সাৱটি কন্দা দৃশ্যই প্ৰতিগৰাকী হৃদয়ৱান লোকৰে বুকু কঁপাই তুলিছিল ৷ সেই  সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত এই উচ্ছেদ অভিযান চলিছিল আৰু প্ৰায় ৭৫ ঘৰ লোকে নিজৰ বাসগৃহ হেৰুৱাইছিল ৷ সেই সময়ত প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীৰে বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষা চলি থকাৰ লগতে বহু কেইজন ছাত্ৰছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাৰ বাবেও নিজকে সাজু কৰাত ব্যস্ত আছিল ৷ উল্লেখযোগ্য বিষয়টো হ’ল যে উচ্চ ন্যায়ালয়ে সেই সময়ত উচ্ছেদ অভিযান চলাবলৈ বন বিভাগক নিৰ্দেশ দিছিল যদিও কিন্তুু কালি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি অসম ৰাজ্যিক বিদ্যুৎ বিভাগক সেই অঞ্চলত পুনৰ বিদ্যুৎ সংযোগ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে গাওঁখন আমচাং অভয়াৰণ্যৰ অন্তৰ্গত নহয় বৰঞ্চ দিছপুৰ ৰাজহ চক্ৰৰহে অন্তৰ্গত বুলি উল্লেখ কৰে ৷

সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সেই সময়ত সেই উচ্ছেদ অভিযানৰ বিৰুদ্ধে বিশেষ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কালি জনশিমলু গাঁৱৰ উচ্ছেদ সন্দৰ্ভত প্ৰদান কৰা ৰায় সম্পৰ্কত তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে কয় ” আমাৰ হাতত সেই সময়ত নিশ্চিত তথ্য আছিল যে সেই গাঁওখন আমচাং অভয়াৰণ্যৰ অন্তৰ্গত নহয় আৰু উক্ত আমচাঙক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল ২০০৪ চনত ৷ আৰু তাত বসবাস কৰা অধিকাংশ মানুহেই আছিল মিছিং,গাড়ো,কাৰ্বি,ৰাভা সম্প্ৰদায়ৰ ৷ ২০০৬ চনৰ বন অধিকাৰ আইন অনুসৰি ২০০৫ চনৰ ১৩ ডিচেম্বৰৰ পূৰ্বৰ পৰাই জনজাতীয় লোকে যদি বনাঞ্চলত বসবাস কৰি আহিছে তেন্তে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব ৷ তদুপৰি আমচাঙৰ সীমাক লৈ দুদুল্যমান অৱস্থাত আছিল চৰকাৰৰ দুয়োটা বিভাগ ক্ৰমে ৰাজহ আৰু বন বিভাগ ৷ সেই মানুহখিনিৰ অধিকাংশই ধেমাজি,লক্ষীমপুৰৰ বান আৰু খহনীয়াত সৰ্বশ্ৰান্ত হৈ ঘৰ বাৰী হেৰুৱাই সংস্থাপিত হোৱা লোক আছিল ৷ সেয়ে আমি কৃষক মুক্তিৰ হৈ তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ আৰু আমি জেলৰ ভাতো খাবলগীয়া হৈছিল ৷

সেই উচ্ছেদ আছিল এক সম্পূৰ্ণ প্ৰতিশোধমূলক,আসুৰিক আৰু অবৰ্ণনীয় ৷ “জনশিমলু অঞ্চলৰ বিষ্ণুুু নগৰৰ বাসিন্দা ধ্ৰুৱ ভট্টই কয়” আমাৰ গাঁৱৰ প্ৰায় সত্তৰ ঘৰ মানুহ সেই সময়ত উচ্ছেদিত হৈছিল ৷ ২০১৭ চনৰ ২৮ নবেম্বৰত উচ্ছেদ চলিছিল আমাৰ ইয়াত৷আমাৰ বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিয়া হৈছিল ৷ পকীঘৰৰ দেৱালবোৰ খহাই পেলোৱা হৈছিল ৷ অথচ আমি আমচিং পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা আৰু আমাৰ ইয়াৰ বহুতৰে ম্যাদী পট্টাৰ মাটি আছে ৷”

আনহাতে, আমচিং গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য অনিতা দেৱীয়ে কয়” সেইদিনা আমি তালৈ গৈছিলোঁ ৷ উচ্ছেদ কৰিবলৈ অহা মানুহে আনকি তাৰ মানুহৰ বাৰীৰ গছ গছনিবোৰ গুৰিতে কাটি থৈ গৈছিল ৷ প্ৰায় বিশ বছৰ পুৰণি বিদ্যালয়খন ভাঙি পেলাইছিল৷তাৰ মানুহৰ ঘৰত থকা ম’বাইল টাৱাৰ আৰু ট্ৰেন্সফৰমাৰ ভাঙি পেলোৱা আমি নিজে দেখিছিলোঁ ৷ সেইয়া চৰকাৰৰ প্ৰতিশোধপৰায়ণতাৰ বাহিৰে একো নহয় ৷ “উষা ডেকা নামৰ বৃদ্ধাা গৰাকীয়ে ক’লে”আমি ক’লৈ যাম৷সাঁচতীয়া ধনেৰে বনোৱা আমাৰ ঘৰবোৰ চকুৰ সন্মুখতে ভাঙি পেলালে৷আমি এতিয়া সুখী ৷”

সত্যেন্দ্ৰ ভট্টাচাৰ্য নামৰ স্থানীয় যুৱকজনে কয়” সেইখিনি সময়ত আমাৰ মানুহবোৰৰ মুখত ভাষা হেৰাই গৈছিল ৷ সকলোৰে একে অৱস্থা ৷ কোনে কাক সান্ত্বনা দিব ? ল’ৰাছোৱালী বোৰৰ পঢ়াশুনাত বহুত কষ্ট হৈছিল ৷ বিদ্যুৎ কৰ্তন কৰা বাবে নানান সমস্যাত আমি জুৰুলা হৈছিলোঁ ৷ আজি ৰায়টোৰ বাবে আমি সুখী হৈছোঁ ৷ আমাক ক্ষতিপূৰণ দিব লাগিব ৷ আমি অবাবত হাৰাশাস্তিৰ সন্মুখীন হ’লো ৷”