বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভয় খাব নালাগে, ভেকচিনে কাম দিব !

ভয় খাব নালাগে, ভেকচিনে কাম দিব !

দুইপালি ভেকচিন ল’লেহে ক’ভিড প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়

নতুন দিল্লী,৫ ডিচেম্বৰ — হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল বীজ ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছতে যোৱা মাহত তেওঁক ইতিমধ্যে এই ৰোগৰ প্ৰতিষেধক দিয়া হৈছিল বুলি প্ৰচাৰিত বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু এই ক্ষেত্ৰত  কেন্দ্ৰীয় স্বাস্থ্য বিভাগে স্পষ্টীকৰণ দিয়ে যে প্ৰতিষেধক ঔষধৰ দুই পালিৰ ভিতৰত মাত্ৰ এপালিহে অনিল বীজে যোৱা মাহত লৈছিল। তাৰোপৰি এই বিবৃতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা  উল্লেখ কৰা হয় যে এই প্ৰতিষেধকৰ দ্বিতীয় পালি ঔষধ লোৱাৰ কিছুদিন পিছতহে এজন ব্যক্তিৰ ,ত ক’ভিড ভাইৰাছ প্ৰতিহত কৰিব পৰাকৈ নিজস্ব প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে আৰু অনিল বীজে দ্বিতীয় পালি প্ৰতিষেধক লোৱা নাছিল বুলি স্পষ্টকৈ উল্লেখ কৰা হয়। আনহাতে যিসকল স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰতিষেধক ল’বলৈ আগবাঢ়ি আহিছে, তেওঁলোকক ২৮ দিনৰ অন্তৰত প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক দিয়া হয়। তাৰোপৰি স্বেচ্ছাসেৱকসকলক কি কোম্পেনীৰ কি প্ৰতিষেধক সেই বিষয়ে একো নোকোৱাকৈ প্ৰতিষেধক দিয়া হয় যাতে প্ৰতিষেধকৰ প্ৰকৃত গুণাগুণৰ বিষয়ে ভালকৈ জানিব পৰা যায় ।

উল্লেখযোগ্য যে ৬৭ বছৰীয়া হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী জন প্ৰতিষেধকৰ প্ৰথম পালি ঔষধ লোৱাৰ দুসপ্তাহৰ পিছত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে। তেওঁক এই প্ৰতিষেধক ভাৰতত দেশীয় ভাবে নিৰ্মিত ভাৰত বায়’টেকৰ পৰা দিয়া হৈছিল আৰু ইয়াক ইতিমধ্যে ‘ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্ছে’ স্বীকৃতিও দিছে ৷ শনিবাৰে এক টুইট যোগে হাৰিয়ানাৰ মন্ত্ৰী বীজে নিজকে ক’ভিড পজিটিভ বুলি ঘোষণা কৰে আৰু আম্বালাৰ আৰ্মি  চিভিল হস্পিটেলত ভৰ্তি হৈছে বুলি উল্লেখ কৰে ৷